খিলঞ্জীয়াৰ ৰক্ষা কৱচ এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিনটো সমগ্ৰ অসমবাসীৰ বাবে ঐতিহাসিক দিন হিচাপে পৰিনত হৈছে।৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জনৰ নাম বাদ পৰিছে।বাদ পৰা লোকসকলে ৩০ আগষ্টৰ পৰা ২৮ আগষ্টৰ ভিতৰত আৱেদনপত্ৰ জমা দিব লাগিব।প্ৰপত্ৰ সমূহ নিজৰ নিজৰ স্থানীয় এনআৰচি সেৱা কেন্দ্ৰ সমূহত জমা দিব লাগিব।আবেদন সমূহ অনলাইনতো উপলব্ধ হব।প্ৰাপ্ত তথ্য অনুসৰি ২ লাখ ৪৮ হাজাৰ নাম হল্ডত ৰখা হৈছে।এনআৰচিৰ ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলাই কয় যে ডি ভোটাৰৰ সংখ্যা আজিয়েই কোৱাটো সম্ভৱ নহয়।ডি ভোটাৰ,বিদেশী ন্যায়াধিকৰণত এইসকলৰ গোচৰ চলি আছে।
Begin typing your search above and press return to search.