অভিলেখ গঢ়ি বিশ্বজয় মেৰিকমৰ

অভিলেখ গঢ়ি বিশ্বজয় মেৰিকমৰ
Published on

ভাৰতৰ তাৰকা মহিলা বক্সাৰ এম চি মেৰীকমে নতুন দিল্লীত চলি থকা বিশ্ব বক্সিং চেম্পিয়নচিপত সোণৰ পদক জয় কৰিছে। এই জয়ৰ লগে লগে

মেৰীকমে ষষ্ঠবাৰৰ বাবে বিশ্ব চেম্পিয়নচিপ খিতাপ দখল কৰা প্ৰথম মহিলা বক্সাৰ হিচাপে পৰিগণিত হয়। ৩৫ বছৰীয়া ভাৰতৰ বহু যুজৰ নায়িকা মহিলা বক্সাৰ গৰাকীয়ে ৪৮ কিলোগ্ৰাম শাখাৰ ফাইনেলত ইউক্ৰেণৰ ২২ বছৰীয়া বক্সাৰ হান্না ওখোতাক পৰাস্ত কৰি বিশ্ব জয়ৰ খিতাপ নিজৰ দখলত আনিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে মেৰিকমে ২০০২,২০০৫,২০০৬,২০০৮ আৰু ২০১০ চনত পাঁচ বাৰ বিশ্বচেম্পিয়নচিপত সোণৰ পদক জয় কৰিছিল। মেৰীকমৰ এই বিশ্বজয়ৰ সফলতাই গৃহৰাজ্য মণিপুৰৰ লগতে সমগ্ৰ দেশত উছাহৰ ধল বোৱাইছে।খেলৰ শেষত মেৰীকমে খেল উপভোগ কৰিব অহা প্ৰতিজন দৰ্শকক খেলৰ সময়ত জনোৱা উৎসাহ আৰু সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মেৰীকমে কয় ''আজি মই যথেষ্ট আৱেগিক হৈ পৰিছো কাৰণ এটা সময় আছিল তেতিয়া মহিলা বক্সিং অলিম্পিকৰ খেলত অন্তৰ্ভুক্ত নাছিল,কিন্তু মানুহৰ ভালপোৱাৰ বাবে ই অলিম্পিকৰ মজিয়াত ঠাই পালে। কিন্তু মই যোৱা অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনত ব্যাৰ্থ হৈছিলো-অলিম্পিকৰ পদক মোৰ স্বপ্ন,২০২০ টোকিঅ' অলিম্পিকত মই দেশৰ বাবে সৰ্বোচ্চ উজাৰি খেলিম।''

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com