Begin typing your search above and press return to search.

অসম চুক্তিৰ ছয় নং দফা কাৰ্য্যকৰীকৰণ কৰাৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিৰ পৰা পদত্যাগ এমপি বেজবৰুৱাৰ

অসম চুক্তিৰ ছয় নং দফা কাৰ্য্যকৰীকৰণ কৰাৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিৰ পৰা পদত্যাগ এমপি বেজবৰুৱাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Jan 2019 10:43 AM GMT

অসম চুক্তিৰ ছয় নং দফা কাৰ্য্যকৰীকৰণ কৰাৰ বাবে কেন্দ্ৰীয় সমিতিয়ে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলে মদন প্ৰসাদ বেজবৰুৱাই। বেজবৰুৱাই শুক্ৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰি কয় যে আধা সংখ্যক সদস্যই উপস্থিত নথকা এখন সমিতিত থকাৰ কোনো সন্মান নাই। ইয়াৰ পূৰ্বে তিনিজন সদস্যই উচ্চস্তৰীয় সমিতিখনৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছিল।

সাহিত্যিক আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন শইকীয়া আৰু ৰংবং টেৰাঙ, শিক্ষাবিদ মুকুন্দ ৰাজবংশীয়ে সমিতিখনৰ গ্ৰহণযোগ্যতাৰ ওপৰত প্ৰশ্ন তুলি সদস্য পদ ত্যাগ কৰিছিল। পদত্যাগ কৰা অসমৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিনিধি কেইগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ লোকসভাত গৃহীত কৰি অসম চুক্তিক অবজ্ঞা কৰিছে। বেজবৰুৱাই কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ প্ৰতি বিষাদগাৰ প্ৰকাশ কৰি কয় যে উচ্চস্তৰীয় সমিতিখনত অন্তৰ্ভুক্ত হোৱা সদস্য সকলক গৃহমন্ত্ৰীৰ তৰফৰ পৰা পূৰ্বতে জনোৱা হোৱা নাছিল। অসম চুক্তিৰ স্বাক্ষৰ কৰা সদৌ অসম ছাত্ৰ সন্থাই সকলোতকৈ পূৰ্বতে সমিতিখনৰ সদস্য পদত নাথাকো বুলি স্পষ্ট কৰি দিছিল।

এই ক্ষেত্ৰত প্ৰবীন সাংবাদিক ডি এন বেজবৰুৱাই চৰকাৰক কঠোৰ প্ৰত্ত্যুতৰ দিয়াৰ বাবে সমিতিখনৰ সদস্য পদত থাকিব বুলি নিশ্চিতি প্ৰদান কৰিছে। প্ৰবীন সাংবাদিক গৰাকীয়ে আকৌ কয় যে তেওঁ সমিতিখনৰ পৰা এজন এজনকৈ সদস্যই পদত্যাগ কৰা কথাটোত আচৰিত হোৱা নাই কাৰণ সমিতিখনে অতি কম সময়হে তিষ্ঠি থাকিব। ডিএন বেজবৰুৱাই প্ৰথমে সমিতিখনৰ পৰা পদত্যাগ কৰিব বিছাৰিছিল কিন্তু পৰবৰ্তী সময়ত তেওঁ চৰকাৰক কোনোবাই হলেও উত্তৰ দিব লাগিব বুলি ভাবি সমিতিখনত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে কাৰণ এয়া সৰু বিষয় নহয় বুলিও বেজবৰুৱাই উল্লেখ কৰে। কেন্দ্ৰীয় কেবিনেটে গঠন কৰি দিয়া সমিতিখনৰ পাৰ আধা সংখ্যক সদস্যই পদত্যাগ কৰাত এতিয়া সমিতিখন ভংগ হোৱাৰ আকংশাত ভূগিছে।

অসমত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণ কৰাৰ বাবে গঠন কৰিব বিছৰা উচ্চস্তৰীয় সমিতিখনৰ বিৰুদ্ধে ৰাজ্যজুৰি অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ লোৱা সিদ্ধান্তৰ সময়ত উচ্চস্তৰীয় সমিতি, অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণ কৰাৰ বাবে গঠন কৰিবলৈ লোৱা সিদ্ধান্তক নিৰ্বাচনৰ পূৰ্বে ৰাইজক আভুৱা ভাৰিবলৈ কৰা এক প্ৰয়াস হিচাপে সমালোচনা কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

Next Story