Begin typing your search above and press return to search.

অৰুণাচলত উপস্থিত বলীউডৰ "ভাই" ছলমান খান

অৰুণাচলত উপস্থিত বলীউডৰ ভাই ছলমান খান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Nov 2018 7:44 AM GMT

বলীউডৰ দাবাং তথা সকলোৰে প্ৰিয় "ছল্লু ভাই "ছলমান খান বৃহস্পতিবাৰে উপস্থিত হ’লহি অৰুণাচলত ৷ পুৱাই পঞ্জাৱৰ পৰা এক বিশেষ বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হ’লহি বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান ।নিজৰ প্ৰিয় অভিনেতাজনক কাষতে পায় অনুৰাগীসকলে উষ্ম আদৰনি জনালে ছলমানক খানক ৷

 ছলমান খান

অন্যহাতে,ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত এক হেলিকপ্তাৰেৰে অৰুণাচলৰ মেচুকা মহোৎসৱলৈ যাত্ৰা কৰে অভিনেতা ছলমান খান ৷ইফালে, ছলমান খানৰ লগত গৈছে ৰাজ্যিক গৃহ মন্ত্ৰী কিৰণ ৰিজিজু ৷অৰুণাচলত উপস্থিত হোৱাৰ পিছত এখন চাইকেল ৰেলী উদ্ধোধন কৰিব চলমানে।

উল্লেখযোগ্য যে,ছলমান খানৰ টিউবলাইট চলচিত্ৰখনত এটি শিশুৰ চৰিত্ৰত অভিনয় কৰা মাটিন ৰে টেংগুৰ লগত আছে সু সম্পৰ্ক ৷ গতিকে মহোৎসৱত অংশ লৈ লগতে মাটিনৰ লগত সাক্ষাৎ কৰি বিয়লি প্ৰায় ২ বজাত ছলমান ৰাওনা হ’ব মুম্বাইলৈ ৷

অন্য খবৰৰ বাবে পঢ়ক: ব্ৰেকিং নিউজ

Next Story