Begin typing your search above and press return to search.

আকৰ্ষণীয় পৰ্য্যায়ত মেলব'ৰ্ণ টেষ্ট

আকৰ্ষণীয় পৰ্য্যায়ত মেলবৰ্ণ টেষ্ট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Dec 2018 11:45 AM GMT

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত মেলব'ৰ্ণত চলি থকা টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট আকৰ্ষণীয় পৰ্য্যায়ত উপনীত হৈছে। তৃতীয়খন টেষ্টৰ তৃতীয় দিনৰ খেলত সঘনে সলনি হৈছে খেলৰ ৰূপ আৰু ৰঙ। টছত জয়ী হৈ প্ৰথমে বেট ধৰা ভাৰতে প্ৰথম ইনিংছত চেতেশ্বৰ পূজাৰাৰ দৰ্শনীয় শতৰাণ, অধিনায়ক বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু নৱাগত অপেনাৰ মায়াংক আগৰৱালৰ অৰ্ধশতৰাণেৰে সাতটা উইকেট হেৰুৱাই বিশাল ৪৪৩ ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে। ভাৰতৰ ৪৪৩ ৰাণৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰি দ্বিতীয় দিনৰ খেলৰ সামৰণি পৰালৈ কোনো উইকেট নেহেৰুৱাকৈ ৮ ৰাণ সংগ্ৰহ কৰিছিল।

আজি তৃতীয় দিনৰ খেল আৰম্ভণি কৰিবলৈ ক্ৰিজলৈ আহে দুই অপেনাৰ মাৰ্কাচ হেৰিচ আৰু এৰ'ণ ফিন্স। দুয়োজন অপেনাৰে খেল আৰম্ভ কৰি দলীয় স্কোৰ আগবঢ়াই নিবলৈ যাওতেই ব্যক্তিগত ৮ ৰাণত এৰোণ ফিন্সে ইশান্ত শৰ্মাৰ ব'লত মায়াংক আগৰৱালৰ হাতত কেচ দি বিদায় লয়। ২৪ ৰাণত প্ৰথম উইকেট হেৰুৱা অষ্ট্ৰেলিয়াই ৩৬ ৰাণত মাৰ্কাচ হেৰিচৰ ৰূপত দ্বিতীয়টো উইকেট হেৰুৱাই। হেৰিচে ব্যক্তিগত ২২ ৰাণ সংগ্ৰহ কৰি বুমৰাহৰ চিকাৰ হয়। ইয়াৰ পিছতে ক্ৰমাগত ভাবে অষ্ট্ৰেলিয়াৰ উইকেটৰ পতন ঘটিবলৈ আৰম্ভ কৰে। ভাৰতীয় ব'লাৰৰ ক্ষুৰধাৰ বলিঙৰ সম্মুখত কোনো এজন অষ্ট্ৰেলিয়াৰ বেটছমেনেই মুৰ দাঙি উঠিব নোৱাৰিলে। ৬৬.৫ অভাৰত অষ্ট্ৰেলিয়াই আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১৫১ ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ হেৰিচ আৰু অধিনায়ক টিম পাইনে সৰ্বাধিক ২২ ৰাণকৈ সংগ্ৰহ কৰে। ব্যৰ্থ হয় খোৱাজা, শ্বন মাৰ্চ, ট্ৰেভিচ হেড, মিচেল মাৰ্চ আৰু দলৰ অন্য টেইল অৰ্ডাৰ বেটছমেন সকল। ভাৰতৰ হৈ বেগী বলাৰ জাচপ্ৰীত বুমৰাহে চমকপ্ৰদ বলিঙ কৰি ১৫.৫ অভাৰত ৩৩ ৰাণ ব্যয় কৰি ৬ টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। বুমৰাহৰ উপৰিও ৰবীন্দ্ৰ জাদেজাই ২ টা, ইশান্ত শৰ্মা আৰু মহম্মদ শ্বামীয়ে এটাকৈ উইকেট দখল কৰে।

প্ৰথম ইনিংছ ১৫১ ৰাণতে সামৰি ফ'লঅ'নৰ সন্মুখীন হোৱা অষ্ট্ৰেলিয়াক ফ'লঅ'ন নকৰি ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে পুনৰ বেটিঙ কৰাৰ বাবে সিদ্ধান্ত লয় আৰু অষ্ট্ৰেলিয়াৰ পেচ বলিঙৰ এক আকস্মিক আক্ৰমণৰ সন্মুখীন হয়।তৃতীয় দিনৰ খেল সামৰণি পৰালৈ ভাৰতে ৫৪ ৰাণতে হেৰুৱাইছে গুৰুত্বপূৰ্ণ পাচটা উইকেট। ভাৰতৰ প্ৰথম ইনিংছত শতৰাণ কাৰী চেতেশ্বৰ পূজাৰা আৰু অৰ্ধশতৰাণকাৰী বিৰাট কোহলীয়ে দ্বিতীয় ইনিংছত কোনো ৰান সংগ্ৰহ নকৰাকৈ পেভিলিয়ন মুখি হয়। আজিংক ৰাহানে ১ ৰান আৰু ৰোহিত শৰ্মাই ৫ ৰাণ কৰি আউট হয়। দিনান্তত মায়াংক আগৰাৱলে

২৮ ৰাণ আৰু ঋষভ পণ্টে ৬ ৰাণ কৰি অপৰাজিত হৈ আছে। প্ৰথম ইনিংছত বৃহৎ অগ্ৰগতি লাভ কৰা ভাৰতৰ সামগ্ৰিক অগ্ৰগতি হৈছে ৩৪৬ ৰাণ। দুটা দিন বাকী থকা অৱস্থাত খেলখনৰ ফলাফল কোনদিশে গতি কৰিব সেয়া আকৰ্ষণীয় হৈ পৰিছে। প্ৰথম দিনটোত মাত্ৰ দুটা উইকেটৰ পতন ঘটা মেলব'ৰ্ণ টেষ্টৰ তৃতীয় দিনটোত আজি সৰ্বমুঠ ১৫ টা উইকেটৰ পতন ঘটে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

Next Story