আজিৰপৰা সদৌ অসম নাৰ্চ সন্থাৰ অনিৰ্দিষ্ট কালীন কৰ্মবৰিতি ঘোষণা

আজিৰপৰা সদৌ অসম নাৰ্চ সন্থাৰ অনিৰ্দিষ্ট কালীন কৰ্মবৰিতি ঘোষণা
Published on

গুৱাহাটী,২৬ নৱেম্বৰ: অসমৰ বিভিন্ন চিকিৎসালয়ত কৰ্মৰত নাৰ্চ সকলৰ বিভিন্ন দাবী সমূহ শীঘ্ৰে পূৰণৰ বাবে অনিৰ্দিষ্ট কালীন কৰ্মবিৰতি ঘোষণা কৰিছে সদৌ অসম নাৰ্চ সন্থাই। সোমবাৰে ৰাতিপুৱাৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল,ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় আদি স্থানত ঘোষনা কৰিছে প্ৰতিবাদী কাৰ্য্যসূচী। ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই কৰ্মবিৰতি প্ৰতিবাদী কাৰ্য্যসূচী দাবী সমূহ পূৰণ নকৰা পৰ্য্যন্ত অনিৰ্দিষ্ট কাললৈ বাহাল থাকিব বুলি সদৌ অসম নাৰ্চ সন্থাৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।

ষ্টাফ নাৰ্চৰ একে পদত একে দৰমহা,সপ্তম দৰমহা আয়োগৰ প্ৰকাশিত ROP ত ষ্টাফ নাৰ্চৰ দৰমহাৰ গাঠনিত থকা বিসংগতি সমূহ সংশোধন কৰা, ষ্টাফ নাৰ্চৰ পদৱী ঘুৰাই দিয়া আৰু ষ্টাফ নাৰ্চৰ চাকৰি বিধি প্ৰকাশ আদি দাবী সমূহ শীঘ্ৰে পূৰণ কৰাৰ দাবীৰে ঘোষণা কৰা হৈছে অনিৰ্দিষ্ট কালীন এই কৰ্মবিৰতি।নাৰ্চ সকলৰ এই প্ৰতিবাদী কৰ্মবিৰতিৰ ফলত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়,যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু কোকৰাঝাৰতো সৃষ্টি হৈছে অচলাৱস্থাৰ। দীৰ্ঘদিন ধৰি চৰকাৰ তথা স্বাস্থ্য বিভাগে নাৰ্চ সকলৰ সমস্যা সমূহৰ বিষয়ত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম নাৰ্চ সন্থাই।গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চলি থকা প্ৰতিবাদী কাৰ্য্যসূচীত অংশ গ্ৰহন কৰিছে কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ GNM নাৰ্চ সকলে।

অধিক খবৰৰ বাবে পঢ়ক: Breaking News

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com