Begin typing your search above and press return to search.

আজি ঘোষণা হ’ল চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত শাখাৰ ফলাফল

আজি ঘোষণা হ’ল চিবিএছইৰ  দ্বাদশ শ্ৰেণীৰ চূড়ান্ত শাখাৰ ফলাফল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 May 2019 9:17 AM GMT

বৃহস্পতিবাৰে ঘোষণা কৰা হ’ল চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত শাখাৰ ফলাফল ৷ এইবাৰ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ হাৰ আছিল ৮৩.৪ শতাংশ। দ্বাদশ শ্ৰেণীৰ ফলাফল চিবিএছইৰ অফিচিয়েল ৱেবচাইট cbse.nic.in আৰু cbseresults.nic.in ত লাভ কৰিব ৷ চিবিএচইৰ দ্বাদশ শ্ৰেনীৰ ফলাফলত তিৰুৱন্তনপুৰমত ৯৮.২ শতাংশৰে সৰ্বাধিক উত্তীৰ্ণ হাৰ হোৱা পৰিলক্ষিত হয় ।

ইয়াৰ পিছতে চেন্নাইত উত্তীৰ্ণৰ হাৰ হয় ৯২.৯৩ শতাংশ আৰু দিল্লীত ৯১.৮৭ শতাংশ ৷ অন্যহাতে ফলাফলক এছএমএছৰ জৰিয়তেও লাভ কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে ৷ ইয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে ওমংগ এপ্লিকেশ্যনত পৰীক্ষাৰ ফলাফল প্ৰত্যক্ষ কৰিব পাৰে । আৰু cbse12<roolno><sch no> <center no> টাইপ কৰি ৭৭৩৮২৯৯৮৯৯ লৈ পঠিয়াব পাৰে ।

অধিক খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Next Story