আৰম্ভ হ'ল ৩২ তম গুৱাহাটী গ্ৰন্থমেলা

শীতৰ সেমেকা দিনত গ্ৰন্থৰ আমেজ কঢ়িয়াই আনি আজিৰ পৰা আৰম্ভ হ'ল অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ৩২ তম গুৱাহাটী গ্ৰন্থ মেলা। চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আজিৰ পৰা আৰম্ভ হোৱা এই গুৱাহাটী গ্ৰন্থমেলা ১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২০১৯ বৰ্ষৰ ২ জানুৱাৰী তাৰিখে সামৰণি পৰিব।
৩২ তম গুৱাহাটী গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াৰ পিছতেই দীপালী বৰঠাকুৰ সোঁৱৰণী মঞ্চত অনুষ্ঠিত হোৱা মুকলি সভাত বৰগীতেৰে আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সভাত বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়াক অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা জীৱনজোৰা সাধনা বটাঁ প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা এই বটা গ্ৰহণ কৰে ড° নগেন শইকীয়াৰ কনিষ্ঠ পুত্ৰ কৌশিক শইকীয়াই। বটাঁ গ্ৰহণৰ বাবে দেহৰ অসুস্থতাৰ বাবে সভাত উপস্থিত থাকিব নোৱাৰিলে যদিও অসম প্ৰকাশন পৰিষদলৈ শুভবাৰ্তা প্ৰেৰণ কৰে।
এই সভাত আজি উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মহম্মদ তনবীৰ মনচুৰ, পশ্চিমবংশৰ বিশিষ্ট সাহিত্যিক শীৰ্ষেন্দু মুখোপাধ্যায়, নেশ্যনেল বুক ট্ৰাষ্টৰ সঞ্চালক তথা বিশিষ্ট সাহিত্যিক শ্ৰীযুতা ৰীতা চৌধুৰী, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেষ গোস্বামী আৰু ভালেকেইজন বিশিষ্ট সাহিত্যিক উপস্থিত থাকে। এই সভাতেই আজি চাৰিখন গ্ৰন্থৰ উন্মোচন কৰা হয়।
অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জনোৱা অনুসৰি এইবাৰৰ গ্ৰন্থমেলাত মুঠ ২৪ খন নতুন গ্ৰন্থ উন্মোচন হব। লগতে ৩২তম গ্ৰন্থমেলাত অসমৰ ৯২ টা, নতুন দিল্লীৰ ১০ টা, পশ্চিমবংগৰ ১০ টা, ঝাৰখণ্ডৰ এটা আৰু বাংলাদেশৰ ১২ টা গ্ৰন্থ প্ৰকাশন আৰু বণিক গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে।লগতে সন্ধিয়া অসমৰ থলুৱা গীত মাতৰ লগতে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব
অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ