Begin typing your search above and press return to search.

উচ্ছেদ কাৰ্য বন্ধ ৰখাৰ দাবীত উত্তপ্ত উজানবজাৰ অ'ল্ড ৰেলৱে ক'লনী

উচ্ছেদ কাৰ্য বন্ধ ৰখাৰ দাবীত উত্তপ্ত উজানবজাৰ অল্ড ৰেলৱে কলনী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Nov 2018 7:17 AM GMT

উজান বজাৰ অ'ল্ড ৰেলৱে কলনীত উচ্ছেদক প্ৰসংগ কৰি উত্তাল হৈ পৰিছে পৰিবেশ। উজান বজাৰৰ অল্ড ৰেইলৱে কলনিত ৫০-৬০ বছৰে বসবাস কৰি অহা লোকসকললৈ যোৱা ১৯ নবেম্বৰ তাৰিখে প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰি ১৫ দিনৰ ভিতৰত উক্ত স্থানত বসবাস কৰা লোকসকলক খালী কৰাৰ নিৰ্দেশ দিছিল।প্ৰশাসনৰ এই উচ্ছেদ কোনো পধ্যেই মানি নলয় সুদীৰ্ঘ বছৰ ধৰি বসবাস কৰি অহা শতাধিক পৰিয়ালৰ লোকসকলে। সেয়েহে আজি চিপিআইএম আৰু এছএফআইৰ উদ্যোগত উচ্ছেদৰ জাননী অহা লোকসকলে ৰেলৱে কলনিৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

মন কৰিবলগীয়া যে, বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ সময়। সেই সময়ত অমানবীয়ভাৱে বসবাসৰ বিকল্প উপায় নিদি প্ৰশাসনে উচ্ছেদৰ জাননী দিয়াত ক্ষুদ্ধ হৈ পৰে লোকসকল।প্ৰতিবাদকাৰীসকলে উপায়ুক্ত কাৰ্য্যালয়লৈ সমদল কৰি আহি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰায় আধাঘন্টা জোৰা প্ৰতিবাদৰ অন্তত অতিৰিক্ত জিলা উপায়ুক্ত আহি স্মাৰক পত্ৰ গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তলৈ এই উচ্ছেদ কাৰ্য্য বন্ধ ৰাখি বসবাসৰ বিকল্প স্থান নিৰ্বাচন কৰি দিবৰ বাবে দাবী জনায়।

অধিক খবৰৰ বাবে পঢ়ক: ব্ৰেকিং নিউজ

Next Story
চাকৰি