Begin typing your search above and press return to search.

উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে চাৰিটা সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়াব

উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে চাৰিটা সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়াব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 May 2019 10:34 AM GMT

২৩ মেত ঘোষণা হোৱা লোকসভা নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টিয়ে অভূতপূৰ্ব সফলতা লাভ কৰে । সমান্তৰালকৈ অসমতো বিজেপিয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰে। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ বিজেপিৰ ।

ভাৰতীয় জনতা পাৰ্টিৰ ৩ জন বিধায়ক আৰু কংগ্ৰেছৰ এজন বিধায়কে লোকসভাৰ নিৰ্বাচনত জয়ী হৈছে। ৰঙাপাৰা বিজেপিৰ বিধায়ক পল্লব লোচন দাসে তেজপুৰ লোকসভা সমষ্টিত জয়ী হোৱাৰ লগতে সোণাৰিৰ বিধায়ক তপন কুমাৰ গগৈ যোৰহাট লোকসভা সমষ্টিত জয়ী হয়, ৰাতাবাৰিৰ বিজেপিৰ বিধায়ক কৃপানাথ মাল্লা কৰিমগঞ্জ লোকসভা সমষ্টিত জয় হোৱাৰ বিপৰিতে কংগ্ৰেছৰ জনিয়া সমষ্টিৰ বিধায়ক আব্দুল খালেকে বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচিত হয় ।

সেয়েহে ৰঙাপাৰা, সোণাৰি, ৰাতাবাৰি আৰু জনীয়াত বিধায়ক পদ খালী হৈ পৰিছে । উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ।

বিজেপিৰ সূত্ৰয়ে প্ৰকাশ কৰা মতে তিনিটা সমষ্টি ইতিমধ্যে বিজেপিৰ হাতত কিন্তু বিজেপিয়ে চাৰিটা সমষ্টিতে দখলৰ চেষ্টা কৰিব বুলি প্ৰকাশ কৰিছে । বৰ্তমানলৈকে বিজেপিয়ে প্ৰাৰ্থী নিৰ্বাচিত কৰা নাই যদিও বৰ্তমানলৈকে বহুতে আবেদন কৰিছে বুলি প্ৰকাশ কৰে । পেনেলে প্ৰাৰ্থীৰ তালিকা হাই কামাণ্ডালৈ প্ৰেৰণ কৰিব তাৰ পাছত নিশ্চিত কৰিব বুলি সূত্ৰয়ে প্ৰকাশ কৰে।

সমগ্ৰ দেশতে বিজেপিয়ে অকলেই ৩০৩ খন আসন লাভ কৰে । আনহাতে উত্তৰ-পূৰ্বাঞ্চলতো বিজেপিয়ে বৃহৎ সফলতা লাভ কৰে। উত্তৰ পূৰ্বাঞ্চলত ২৫ খন আসনৰ ভিতৰত ১৮ খনত প্ৰতিদন্দ্বিতা আগবঢ়াইছিল বিজেপিয়ে । অৰুণাচল প্ৰদেশত ২ খন আসনত বিজেপি জয় হোৱাৰ লগতে ত্ৰিপুৰাত আৰু মনিপুৰৰ এখনকৈ আসন বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হৈছে । অসমত ৯ খন আসনত বিজেপিয়ে জয় লাভ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি