Begin typing your search above and press return to search.

উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ অসম প্ৰদেশৰ প্ৰস্তুতি আৰম্ভ

উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ অসম প্ৰদেশৰ প্ৰস্তুতি আৰম্ভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 May 2019 10:23 AM GMT

উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ অসম প্ৰদেশৰ মাজত প্ৰস্তুতি আৰম্ভ কৰিছে। উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত চাৰিটা লোকসভা সমষ্টিত বৰ্তমানৰ বিধায়কে প্ৰতিদন্দ্বিতা আগবঢ়াইছে। সেয়েহে উপ নিৰ্বাচনৰ প্ৰাৰ্থী বাবে এতিয়াৰে পৰাই প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে ।

ভাৰতীয় জনতা পাৰ্টিৰ লোকসভা নিৰ্বাচনত ৪ জন বিধায়কে প্ৰাৰ্থীত্ব আগবঢ়াইছে । সোণাৰিৰ বিধায়ক তপন গগৈয়ে যোৰহাটত লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে , নগাঁওৰ লোকসভা সমষ্টিত নগাঁওৰ বিধায়ক ৰূপক শৰ্মায়ে প্ৰতিদন্দ্বিতা কৰিছে, তেজপুৰ লোকসভা সমষ্টিত ৰঙাপৰাৰ বিধায়ক পল্লব লোচন দাসে প্ৰতিদন্দ্বিতা আগবঢ়াইছে আনহাতে কৰিমগঞ্জ লোকসভা সমষ্টিত ৰাতাবাৰিৰ বিধায়ক কৃপানাথ মাল্লায়ে প্ৰতিদন্দ্বিতা আগবঢ়াইছে লোকসভা নিৰ্বাচনত।

ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোটৰ দল বিপিএফে কোকৰাঝাৰ লোকসভা সমষ্টিত কোকৰাঝাৰৰ বিধায়ক প্ৰমীলা ৰানী ব্ৰহ্ময়ে প্ৰতিদন্দ্বিতা কৰিছে ।

যদি কংগ্ৰেছৰ জোনাই সমষ্টিৰ বিধায়ক আব্দুল খালেক বৰপেটা লোকসভা নিৰ্বাচনত জয় হয় তেতিয়া পুনৰ উপ নিৰ্বাচনত অনুষ্ঠিত কৰিব লাগিব জোনাইত।ভাৰতীয় জনতা পাৰ্টিয়ে উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী সন্ধান আৰম্ভ কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি