Begin typing your search above and press return to search.

এনআৰচি প্ৰকাশৰ সময়ত অসমলৈ ২২,০০০ অৰ্ধসামৰিক সেনা প্ৰেৰণ কৰিব কেন্দ্ৰই

এনআৰচি প্ৰকাশৰ সময়ত অসমলৈ ২২,০০০ অৰ্ধসামৰিক সেনা প্ৰেৰণ কৰিব কেন্দ্ৰই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 July 2018 5:57 AM GMT

এনআৰচি চূড়ান্ত খচৰা প্ৰকাশলৈ মাত্ৰ ৪ দিন বাকী থকা অৱস্থাত কেন্দ্ৰীয় চৰকাৰে অসমত অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ আকাংশা কৰি অসমলৈ ২২,০০০ অৰ্ধসামৰিক সেনা প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহন কেন্দ্ৰীয় চৰকাৰে।কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে অসম চৰকাৰ লগতে উত্তৰপূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ চৰকাৰক নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ নিৰ্দেশ জাৰি কৰিছে।বিশেষকৈ অসমৰ ৰাইজৰ নিৰাপত্তাৰ বাবে অসম পুলিচ আৰু সেনা একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে।কেন্দ্ৰীয় চৰকাৰে ৰাইজৰ নিৰাপত্তাৰ বাবে চিআৰপিএফৰ ৫৩ টা,সুৰক্ষা সেনা বলৰ ৪১ টা,বিএছএফৰ ৪০ টা,আইটিবিপিৰ ২৭ টা,উদ্যোগ সুৰক্ষা বাহিনীৰ ২০ টা আৰু ৰেলৱে সুৰক্ষা বাহিনীৰ ৫ টা কোম্পানী প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে।

Next Story
চাকৰি