Begin typing your search above and press return to search.
এনআৰচি সন্দৰ্ভত ৰাইজক ধনাত্মক হবলৈ আহ্বান অসম চৰকাৰৰ

অসম চৰকাৰে ৰাইজক আহ্বান জনাইছে যে এনআৰচি সন্দৰ্ভত সকলো ধনাত্মক হব লাগে।কোনো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এনআৰচিৰ পৰা কটা নাযায়।অসম চৰকাৰে এখন সভা আয়োজন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰি জনাই যে প্ৰকৃত ভাৰতীয় নাগৰিকে চিন্তা কৰাৰ প্ৰয়োজন নাই,এইখন এখন খচৰাহে,প্ৰকাশৰ পাছত সকলো লোকে দাবী উত্থাপন কৰাৰ সুযোগ লাভ কৰিব। লগতে জনায় যে এনআৰচিৰ সম্পূৰ্ণ কাম অতি সচ্চ আৰু নিকাভাৱে সম্পন্ন হৈছে।এনআৰচিৰ লগতে গুনোৎসৱে ৰাজ্যৰ শিক্ষাখণ্ডলৈ যি বিপ্লৱ আনিছে সেয়া আলোচনা কৰা হয়।ৰাজ্য চৰকাৰে কৃষিৰ বিকাশৰ বাবে নাবাৰ্ডৰ পৰা ৪৮৭ কোটি টকা ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহন কৰিছে।অবিচি আৰু এমঅবিচিৰ চাকৰি আবেদনকাৰীৰ উদ্ধৰ্ত বয়স ৪৩ বছৰৰ পৰা ৪৬ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে।
Next Story