কথা কব নোৱাৰা,কানেৰে নুশুনা এজনী ছোৱালীৰ প্ৰতিভা;নিষ্ঠা

কিবা এটা পোৱাৰ আশা আৰু আগ্ৰহে আটাইতকৈ কঠিন ৰাস্তাও সহজ কৰি তুলে । সফলতাৰ দিশত আগবাঢ়িবলৈ লক্ষ্য সদায় মজবুত হ'ব লাগে আৰু এইকথা প্ৰমান কৰি দেখুওৱালে দিল্লীৰ ২৩ বছৰীয়া নিষ্ঠা দুদেজাই ।
নিষ্ঠাই কানেৰে নুশুনে আৰু কথা কোৱাতো কিছু পৰিমানে অসুবিধাৰ সন্মুখীন হয় ।কিন্তু জীৱনত কিবা এটা কৰি দেখুওৱাৰ উদ্দেশ্যে নিষ্ঠাই মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় । কথাষাৰ ইয়াতে সমাপ্ত নহয় দিল্লী চহৰত ডাঙৰ-দীঘল হোৱা নিষ্ঠাই চেক গনৰাজ্যত আয়োজিত "মিছ ডেফ ৱৰ্ল্ড" প্ৰতিযোগিতাত ২৪খন দেশৰ প্ৰতিযোগীক পিছ পেলায় "মিছ ডেফ এছিয়া"ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় । আৰু দেশখনৰ বাবে এক গৌৰৱৰ বিষয় । নিষ্ঠাই মেছিনৰ অবিহনে কানেৰে শুনা নাপায় কিন্তু এইটো কথাল লৈ কেতিয়াও তাইৰ জীৱনত কোনো ধৰনৰ বাধা আহিব দিয়া নাই বৰঞ্চ সাহস কৰি জীৱনৰ দিশলৈ আগবাঢ়ি যায় আৰু সফলতা অৰ্জন কৰে ।
পিতৃ-মাতৃৰ সৈতে নিষ্ঠা দুদেজা
নিষ্ঠাৰ পিতৃয়ে মত প্ৰকাশ কৰা অনুসৰি,'নিষ্ঠাই জন্মৰ পৰাই কানেৰে শুনা নাপায় । এই কথা তেওঁলোকে তেতিয়া গম পায় যেতিয়া নিষ্ঠা তিনিবছৰ হয় । এই কথা গম পোৱাৰ পিছত তেওঁলোকে নিষ্ঠাক গুৱাহাটী আহি এইমছ চিকিৎসালয়ত দেখুওৱায় আৰু ডাক্তৰৰ কথা শুনি তেওঁলোক আচৰিত হৈ পৰিল । ডাক্তৰে তেওঁলোকক বুজালে আৰু নিষ্ঠাৰ কানত কানেৰে শুনিব পৰা মেছিন এটি লগাই দিলে আৰু আমিও পন ললো যে যিকোনো পৰিস্থিতত নিষ্ঠাক আমি সুখত ৰাখিম । ইয়াৰ পিছতে নিষ্ঠাৰ প্ৰশিক্ষন আৰম্ভ হ'ল,য'ত নিষ্ঠাই শব্দ কবলৈও বহু কঠিনতাৰ সন্মুখীন ভুগ কৰিলে । ৭বছৰ বয়সলৈ নিষ্ঠা স্পীচ থেৰাপি নামৰ এক থেৰাপিৰ জৰিয়তে কথা কবলৈ শিকিলে । বৰ্তমান সময়ত নিষ্ঠা নিজৰ কথাখিনি ভালদৰে কবকৈ শিকি গৈছে । ইংৰাজী আৰু হিন্দী দুয়োটা ভাষা অতি সুন্দৰকৈ কব পাৰে নিষ্ঠাই । ইণ্টাৰনেট আৰু কোনো বিশেষ প্ৰশিক্ষক জৰিয়তে নিষ্ঠাক প্ৰশিক্ষন প্ৰদান কৰা হৈছিল ।ইয়াৰ বাবে নিজেও বহু কষ্টৰ সন্মুখীন কৰিও শিকিব লগা হৈছিল ।
https://www.instagram.com/p/BpRzMTplFsg/?hl=en&taken-by=nishtha_dudeja
দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰী ভেংকাটশ্বৰা কলেজৰ পৰা বানিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰি নিষ্ঠাই জয়পুৰত আয়োজিত 'মিছ ডেফ ইণ্ডিয়া ২০১৮'ত অংশ গ্ৰহন কৰে আৰু বহু কেইটা টাইটেল পাবলৈ সক্ষম হয় । প্ৰতিযোগিতাৰ শেষৰ পৰ্যায়ত নিষ্ঠাক প্ৰশ্ন কৰা হৈছিল,যদি তেওঁ এই টাইটেলটো পাবলৈ সক্ষম হয় তেন্তে ইয়াৰ পিছৰ লক্ষ্য কি হ'ব? এই প্ৰশ্নত নিষ্ঠাই উত্তৰ প্ৰদান কৰি কৈছিল যে,যদি তেওঁ এই খিতাপ লাভ কৰে তেন্তে তেওঁৰ লক্ষ্য হ'ব নিজৰ দেশ খনকলৈ 'মিছ ডেফ ৱৰ্ল্ড'ৰ খিতাপ লাভ কৰাটো ।তাই বিশ্বাস ৰাখিছিল যে এইখিনি সফলতা তাই লাভ কৰিব পাৰিব । আগলৈ গৈ নিষ্ঠাই সমাজ কল্যানৰ সৈতে জড়িত হ'ব বিচাৰে । নিষ্ঠাৰ এই কথা শুনি সাহস দেখি অনুষ্ঠানত উপস্থিত থকা সকলোৱে বুজিব পাৰিছিল যে নিষ্ঠাৰ দৰে সাহস আৰু আত্মবিশ্বাসীৰ অধিকাৰী ছোৱালীৰ বাবে 'মিছ ডেফ ৱৰ্ল্ড'ৰ খিতাপ লাভ কৰা কোনো ডাঙৰ কথা নহয় ।
https://www.instagram.com/p/BpCdEYVAD9r/?hl=en&taken-by=nishtha_dudeja
নিষ্ঠাই মত প্ৰকাশ কৰি কোৱা অনুসৰি; প্ৰতিযোগিতা খনৰ বাবে ২বছৰ ধৰি প্ৰস্তুতি কৰিছিল । নিষ্ঠাৰ পিতৃ-মাতৃয়ে নিষ্ঠাক সৰুৰে পৰাই এনেধৰনৰ প্ৰতিযোগিতা সমূহক লৈ প্ৰশিক্ষন প্ৰদান কৰোৱাইছিল । ইয়াৰোপৰি মিছ ডেফ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰিবব বাবে নিষ্ঠা নৃত্য,মেক-আপ,আৰু ৰেম্পত খোজ কঢ়াৰো প্ৰশিক্ষন গ্ৰহন কৰিছিল । এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মিছ ডেফ এছিয়াৰ খিতাপ অৰ্জন কৰে যিটো নিষ্ঠাৰ বাবে এক গৌৰৱৰ কথা । কেৱল এইয়াই নহয় নিষ্ঠা এগৰাকী সুন্দৰ লন টেনিছ খেলুৱৈ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে নিষ্ঠাই । ২০১৩চনত বুলজেৰিয়াত আয়োজিত ডেফ অলিম্পিকত অংশ গ্ৰহন কৰাৰ লগতে ২০১৫ চনত ইংলেণ্ডত আয়োজিত ৱৰ্ল্ড ডেফ টেনিছ চেম্পিয়নশ্বিপ আৰু ২০১৭চনত তুৰ্কীত হোৱা ডেফ অলিম্পিকতো নিজ দেশ ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰে ।
https://www.instagram.com/p/BnXx5BolubK/?hl=en&taken-by=nishtha_dudeja
নিষ্ঠা এনে এগৰাকী ছোৱালীৰ উদাহৰন যিসকল বিশেষ শাৰিৰিক ভাৱে সক্ষম তথা কমযোৰী লোক সকলৰ বাবে ।