Begin typing your search above and press return to search.

১৪বছৰীয়া সাহসী ছোৱালী; উৎপীড়নৰ বিৰুদ্ধে মাতিলে মাত

১৪বছৰীয়া সাহসী ছোৱালী; উৎপীড়নৰ বিৰুদ্ধে মাতিলে মাত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Oct 2018 8:23 AM GMT

বৰ্তমান সময়ত নাৰী-মহিলা-ছোৱালী-কিশোৰী আদি সকলৰ ওপৰত চলি থকা বিভিন্ন অত্যাচাৰ-ধৰ্ষন-শাৰীৰিক নিৰ্যাতন-উৎপীড়নৰ ঘটনা আমি প্ৰায়ে টেলিভিছন,বাতৰি কাকত,চ'চিয়েল মিডিয়া সমূহত দেখিব,শুনিব আৰু পঢ়িবলৈ পায় থাকো । দিনক দিনে এনেধৰনৰ অসহনীয় ঘটনা ক্ৰমাৎ বৃদ্ধি হ'বলৈ ধৰিছে । যাৰ বাবে কোৱা হ'য় নাইবা ক'বলৈ বাধ্য যে আজিৰ মহিলা-নাৰী অসুৰক্ষিত । বহু লোকে এনেধৰনৰ ঘটনাৰ বিৰুদ্ধে যদিওবা মাত দিয়ে নাইবা আৰক্ষীক অৱগত কৰোৱাই আনহাতে এচাম লোকে এনে ঘটনা সহ্য কৰি সমাজৰ ভয়ত লুকোৱাই ৰাখে । বিশেষকৈ আজিৰ সমাজত এনে ধৰনৰ ঘটনা সমূহে চ'চিয়েল মিডিয়াত বেছিকৈ স্থান পাবলৈ সক্ষম হৈছে । এনে কিছুমান লোক আছে যিয়ে এনেধৰনৰ ঘটনা সংঘটিত হৈ যোৱা পিছত চ'চিয়েল মিডিয়াক ব্যৱহাৰৰ হিচাপে বাচি উলিয়াই । ঠিক আজিৰ আমাৰ কাহিনীভাগ এজনী সাহসী ছোৱালীৰ ওপৰত আধাৰিত । যিগৰাকীয়ে এনে অপৰাধৰ বিৰুদ্ধে থিয় দিছে ।

আজিৰ ঘটনাটিয়ে ১৪বছৰীয়া স্কুলীয়া ছাত্ৰী এগৰাকীৰ সাহসিকতাৰ পৰিচয় দাঙি ধৰিব । ছোৱালীজনীৰ কামেই এনেকুৱা যে তাই কৰা কামৰ সাহসিকতা নিজে নিজে ওলাই পৰে । হয়,১৪বছৰীয়া এইগৰাকী ছাত্ৰীয়ে এনে এজন দুষ্ট লোকক পুনে আৰক্ষীৰ হাতত গতাই দিছে যিজন ব্যক্তিয়ে সেই স্কুলৰে ছাত্ৰীক অশ্লীল ইংগিত দি আমনি কৰি আছিল ।

কিছুদিন পূৰ্বে শাস্ত্ৰী নগৰৰ,কোথাৰোডৰ নিৱাসী ৪৭বছৰীয়া ৰঘুনাথ চৌধুৰীৰ নিজ স্কুলত পঢ়া ছাত্ৰীক আমনি দিছিল । দুষ্ট লোক তথা ৰঘুনাথে প্ৰায়ে স্কুলৰ ছাত্ৰী সকলৰ ম'বাইলত অশ্লীল ফটো চাবলৈ বিচাৰিছিল । জানিব পৰা তথ্যানুসৰি যোৱা তিনিমাহৰ পৰা ৰঘুনাথে ছাত্ৰী সকলক অশ্লীল ইংগিত প্ৰদান কৰি আমনি কৰি আছিল ।যাৰ বাবে ছোৱালী সকলে মানসিক অশান্তিত ভুগিব ল'লে আৰু এই অন্যায় সহ্য নকৰো বুলি সিদ্ধান্ত গ্ৰহন কৰিলে ।

যেতিয়া ছাত্ৰী সকলৰ ৰঘুনাথৰ বিপক্ষে মাত মাতাৰ আৰম্ভ কৰিলে তেতিয়া ৰঘুনাথে ছোৱালী বোৰক ধমকি দিবলৈ আৰম্ভ কৰিলে । সদায় সদায় দিয়া ধমকি অতিষ্ঠ হৈ এগৰাকী ১৪বছৰীয়া ছাত্ৰীয়ে ৰঘুনাথৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল'বলৈ আগবাঢ়ি আহিল । মনত সাহস গোটাই ছোৱালী জনীয়ে সমস্ত কথা নিজ পিতৃ-মাতৃক জনালে,পিতৃ-মাতৃ হালে নিজ ছোৱালী জনীৰ কথা শুনিলে আৰু বুজিব পাৰিলে আৰু সেয়ে দুষ্ট তথা অপৰাধী ৰঘুনাথক শাস্তি প্ৰদান কৰিবলৈ নিশ্চিত ব্যৱস্থা ললে । তেওঁলোকে বিদ্যালয়ৰ কৰ্তৃপক্ষলৈ ৰঘুনাথৰ বিৰুদ্ধে লিখিত ভাৱে আৱেদন জনালে তাৰ পিছত বিদ্যালয়ৰ কৰ্তৃপক্ষই কোথাৰোড আৰক্ষীক সুচিত কৰিলে আৰু কৰ্মচাৰী ৰঘুনাথক চাকৰিৰ পৰা নিলম্বিত কৰিলে ।

আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰি ঘটনাটি সম্পৰ্কে গভীৰভাৱে বুুজি সেই উৎপীড়ন অধীনিয়ম ২০১২ অন্তৰ্গত শিশু সংৰক্ষন অনুচ্ছেদ ৭ৰ ভাৰতীয় দণ্ড সংহিতা ধাৰাৰ ৩৫৪ৰ অধীনত আক্ৰমন আৰু অপৰাধ প্ৰবৃত্তিৰ আৰু মহিলাক অপমান কৰাৰ অপৰাধত ৰঘুনাথৰ বিৰুদ্ধে ঘটনা পঞ্জীভুক্ত কৰা হ'ল ।

এই ঘটনাটি সেই সকলো ছোৱালী,মহিলাৰ বাবে প্ৰেৰনা আৰু সাহস যিয়ে নিজৰ ওপৰত হৈ থকা নাইবা চলি থকা অপৰাধৰ বিৰুদ্ধে মাত মাতি অপৰাধীক জেললৈ প্ৰেৰন কৰাৰ বাবে আগবাঢ়িব পাৰিব ।

Next Story
চাকৰি