'কফি উইথ কৰন'ত চৌনম কাপুৰ,ৰিহা কাপুৰ আৰু হৰ্ষবৰ্ধন কাপুৰ

দিপীকা-আলিয়া,জাহ্নৱী-অৰ্জুন কাপুৰৰ পিছত ছবি প্ৰযোজক কৰন জহৰৰ জনপ্ৰিয় ৰিয়েলিটী অনুষ্ঠান 'কফি উইথ কৰন-৬" ৰ এইবাৰৰ অতিথি হ'ব বলীউডৰ অন্যতম মোহময়ী চৌনম কাপুৰ । চৌনম কাপুৰৰ সৈতে অনুষ্ঠানটি অতিথি হিচাপে উপস্থিত থাকিব চৌনম কাপুৰৰ ভগ্নী আৰু ভায়েক ক্ৰমে ৰিহা কাপুৰ আৰু হৰ্ষবৰ্ধন কাপুৰ ।
ইয়াৰোপৰি অনুষ্ঠানত চৌনমৰ স্বামী আনন্দ আহুজাও বিশেষ অতিথি হিচাপে উপস্থিত থকাৰ সম্ভাৱনা আছে যদিও এই কথাৰ ওপৰত কোনো মন্তব্য প্ৰদান কৰা নাই অভিনেত্ৰী গৰাকীয়ে । কিন্তু প্ৰথম বাৰৰ বাবে এই ৰিয়েলিটী অনুষ্ঠানত চৌনমৰ সৈতে ভগ্নী ৰিহা আৰু ভায়েক হৰ্ষবৰ্ধনক একেলগে দেখা পোৱা যাব ।
আমি সকলোৱে জানো চৌনমৰ বিবাহৰ পিছতে মুক্তি পোৱা "বীৰে দ্যি ৱেডিং"ৰ পিছত পৰবৰ্ত্তী "এক লড়কী কো দেখা তো এইচা লাগা" ছবিত দেখা পোৱা যাব । উল্লেখযোগ্য যে ছবি খনত চৌনমৰ সৈতে অভিনয় কৰিব পিতৃ অনিল কাপুৰে লগতে থাকিব ৰাজকুমাৰ ৰাও আৰু জুহি চাওলা । আনহাতে ভায়েক হৰ্ষবৰ্ধনে অলিম্পিক বিজয়ী অভিনৱ বিন্দ্ৰাৰ বায়'পিকত অভিনয় কৰিব ।