কলা শাখাত খুচবু ফিৰদৌজ ,বিজ্ঞান শাখাত শয়ন মজুমদাৰ, বিতোপন অন্ধ্ৰা, বানিজ্যি শাখা অসীম চৰকাৰ শীৰ্ষ প্ৰথম স্থানত

কলা শাখাত খুচবু ফিৰদৌজ ,বিজ্ঞান শাখাত শয়ন মজুমদাৰ, বিতোপন অন্ধ্ৰা, বানিজ্যি শাখা অসীম চৰকাৰ শীৰ্ষ প্ৰথম স্থানত
Published on

উচ্চতৰ মাধ্যমিক চুৰান্ত পৰীক্ষাৰ ফলাফলত বানিজ্যি শাখাৰ শীৰ্ষ প্ৰথম স্থানত উৰ্ত্তীৰ্ণ হৈছে কাছাৰৰ বিবেকানন্দ জুনিয়ৰ কলেজৰ অসীম চৰকাৰ। অসীম চৰকাৰে ৫০০ নম্বৰৰ ভিতৰত ৪৭৪ নম্বৰ লাভ কৰে ।

যোৰহাটৰ ক্ৰিচেন্ট একাডেমিৰ নিবেদিতা গগৈ আৰু কেচি দাস কমাৰ্চ কলেজৰ আয়ুসি জৈন শীৰ্ষ দ্বিতীয় স্থানত উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হৈছে । নিবেদিতা গগৈ আৰু আয়ুসি জৈনে ৪৬৮ নম্বৰ লাভ কৰিছে । গুৱাহাটী কমাৰ্চ কলেজৰ নেহা আগৰৱালায়ে শীৰ্ষ তৃতীয় স্থান দখল কৰিছে ।

শোণিতপুৰৰ দৰং কলেজৰ শয়ন মজুমদাৰ আৰু নগাঁওৰ ৰামানুজন জুনিয়ৰ কলেজৰ বিতোপন অন্ধ্ৰায়ে বিজ্ঞান শাখাত শীৰ্ষ প্ৰথম স্থানত উৰ্ত্তীৰ্ণ হৈছে ।

বিজ্ঞান শাখাত শিলচৰ চৰকাৰী বইজ এইচ এচ স্কুলৰ দেইজী পাঠক আৰু তেজপুৰ বেঙলী বইজ এই এচ স্কুলৰ দিশান্ত শইকীয়াই শীৰ্ষ দ্বিতীয় স্থানত উৰ্ত্তীৰ্ণ হৈছে । নগাঁও ৰামানুজন কলেজৰ হ্ৰিদি প্ৰিয়মে শীৰ্ষ তৃতীয় স্থানত উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হৈছে উচ্চতৰ মাধ্যমিকত ফলাফলত ।

কলা শাখাৰ শীৰ্ষ প্ৰথম স্থানত দৰং ৰ ব্ৰিলিয়ান্ত একাডেমি জুনিয়ৰ কলেজৰ খুচবু ফিৰদৌজে শীৰ্ষ প্ৰথম স্থানত উৰ্ত্তীৰ্ণ হৈছে । যোৰহাটৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ কৌশিক কছাৰী আৰু নগাঁওৰ কনচেপ্ত জুনিয়ৰ কলেজৰ গিতাঞ্জলী বৰঠাকুৰে শীৰ্ষ দ্বিতীয় স্থান আৰু যোৰহাটৰ ক্ৰিচেন্ট একাডেমিৰ কান্যাশ্ৰী ভাগৱতীয়ে শীৰ্ষ তৃতীয় স্থানত উৰ্ত্তীৰ্ণ হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com