ক্ৰোৱেচিয়াৰ লুকা মড্ৰিচলৈ বেলন ডিঅৰ বঁটা

ক্ৰোৱেচিয়াৰ লুকা মড্ৰিচলৈ বেলন ডিঅৰ বঁটা
Published on

এই বৰ্ষত ফুটবলৰ বহুতো ৰথী-মহাৰথীক চেৰ পেলাই ক্ৰোৱেচিয়াৰ ফুটবল তাৰকা লুকা মড্ৰিচে লাভ কৰে বেলন ডিঅৰ বঁটা। লায়োনেল মেছি আৰু ক্ৰিষ্টিয়ো ৰোণাল্ডো যুগৰ অবসান ঘটাই প্ৰথমবাৰলৈ লুকা মড্ৰিচে লাভ কৰে সন্মানীয় বেলন ডিঅৰ বঁটা। এই বঁটা লাভ কৰি আনন্দিত হৈ পৰা মড্ৰিচে কয় যে সৰুতে ডাঙৰ ক্লাবৰহৈ খেলাৰ সপোন দেখিছিলো,ডাঙৰ ডাঙৰ ট্ৰফী জয় কৰাৰো সপোন দেখিছিলো।এতিয়া বহু পৰিমাণে মোৰ সপোন সফল হৈছে। বেলন ডিঅৰ ট্ৰফী মোৰ বাবে এক ডাঙৰ সন্মান।

ৰিয়েল মাড্ৰিডৰ হৈ ক্লাব ফুটবল খেলা লুকা মড্ৰিচে ৰিয়েল মড্ৰিডক চেম্পিয়নচ লীগ জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।বিগত বিশ্বকাপতো ক্ৰোৱেচিয়াক ফাইনেলত উপনীত কৰাই বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল লুকা মাড্ৰিচে। এই বৰ্ষৰ বেলন ডিঅৰ বটা লাভৰ ক্ষেত্ৰত লুকা মড্ৰিচে ৰোণাল্ডো,গ্ৰীজমান আদি তাৰকাক পিছ পেলাই থৈ যায়। ব্ৰাজিলৰ তাৰকা খেলুৱৈ নেইমাৰে এইবাৰ একাদশ স্থান লাভ কৰে। ফ্ৰান্সৰ উদীয়মান তাৰকা খেলুৱৈ কালিয়ান এমবাপে শ্ৰেষ্ঠ যুব খেলুৱৈৰ বঁটা লাভ কৰে।

অধিক খবৰৰ বাবে পঢ়ক: খেলৰ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com