Begin typing your search above and press return to search.

গুৱাহাটীলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ: কটকটীয়া নিৰাপত্তা বেহু প্ৰশাসনৰ

গুৱাহাটীলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ: কটকটীয়া নিৰাপত্তা বেহু প্ৰশাসনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Nov 2018 12:22 PM GMT

বুধবাৰে অৰ্থাৎ ২৭ নৱেম্বৰত গুৱাহাটী মহানগৰীলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷বিয়লি প্ৰায় ৩.২৫ বজাত উপস্থিত হ’ব গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত ৷ বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ যাব ৰাজভৱনলৈ ৷

ইফালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এখন এয়াৰফৰ্ছৰ এখন সভাত অংশ ল’ব। সম্প্ৰতি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আগমনৰ হেতু মহানগৰীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷মহানগৰীৰ সকলো দিশতে নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা কৰিছে যাতে,ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নিৰাপত্তাত সুৰুঙা থাকি নাযায় ৷

অন্যহাতে মহানগৰীত যান জটৰ সমস্যাৰ বিষয়টো নতুন কথা নহয় ,সততে মহানগৰীত যান জটঁ সমস্যাই হাৰা শাস্তিৰ সন্মুখীন কৰাই আহিছে জনসাধাৰণক ৷ সেয়েহে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আগমণৰ কাৰণে যান বাহন আৰক্ষীয়ে মহানগৰীৰ কেইবাঠাইটো ন’পাৰ্কিং ঘোষণা কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক:ব্ৰেকিং নিউজ

Next Story
চাকৰি