গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰ্বাচনৰ ভোটগ্ৰহণ

গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰ্বাচনৰ ভোটগ্ৰহণ
Published on

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে ৷ মুঠ ১৫ টা পদৰ ১১টা পদৰ বাবে ২৯গৰাকী প্ৰাৰ্থী ৰ মাজত অনুষ্ঠিত হৈছে এই নিৰ্বাচন।৪টা পদৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে।নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দি জয়ী কৰিবলৈ ওলাই আহিছে প্ৰায় সকলো ছাত্ৰ ছাত্ৰী।পুৱাৰে পৰা উখল-মাখল পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ কৃষ্ণচূড়া নগৰীৰ পৰিবেশ। কাইলৈ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হব বুলি জানিব পৰা গৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com