চ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ফটোই তুলিছে খলকনি;কিন্তু কিয়?

চ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ফটোই তুলিছে খলকনি;কিন্তু কিয়?
Published on

সকলো পিতৃ-মাতৃৰে এটা সপোন থাকে যে নিজৰ সন্তানক পঢ়োৱাই-লিখাই ভাল মানুহ হিচাপে গঢ়ি তোলা আৰু লগতে তেওঁলোকে লাভ নকৰা সা-সুবিধা সমূহ তেওঁলোকৰ সন্তানে লাভ কৰক বুলিয়ে পিতৃ-মাতৃ সকলে বহু কষ্টা তথা ত্যাগ প্ৰদান কৰে । কিছু পিতৃ-মাতৃ অশিক্ষিত হ'লেও তেওঁলোকে পঢ়াৰ মুল্য ভালদৰে বুজি পায় সেয়ে মজদুৰি কৰি কষ্ট কৰি হ'লেও নিজৰ সন্তানক পঢ়া-শুনা কৰি জীৱনত আগবাঢ়ি যাবলৈ,এক সু-স্থান দখল কৰিবলৈ উৎসাহ প্ৰদান কৰে।

বৰ্তমান চলিত সময়তে এটা কাহিনীয়ে চ'চিয়েল মিডিয়াত বহু পৰিমানে প্ৰচাৰ তথা চৰ্চিত হৈ থকা দেখা পোৱা গৈছে ।যিটো কাহিনীৰ ওপৰত বহু ডাঙৰ ডাঙৰ ব্যক্তিয়েও নিজৰ মত ৰাখিবলৈ বাধ্য হৈছে । আজিৰ কাহিনীভাগ হৈছে,ভাৰতৰ ওচৰ চুবুৰীয়া দেশ বাংলাদেশৰ নিৱাসী হিসামুদ্দিন খান নামৰ যুৱক এজনৰ বিষয়ে । হিসামুদ্দিনৰ পিতৃ এগৰাকী ৰিক্সা চালক আৰু তেওঁৰ পৰা হোৱা আয়ৰ জৰিয়তে গোটেই ঘৰ খন চলে । নিজ পুত্ৰৰ পঢ়া-লিখাত যাতে কোনো ধৰনৰ বাধা নাহে সেয়ে তেওঁ দিনে ৰাতিয়ে ৰিক্সা চলায় কঠোৰ পৰিশ্ৰম সাধন কৰে আৰু সেই কষ্টৰ সাধনাত তেওঁৰ পুত্ৰ হিসামুদ্দিন আজিৰ সময়ত এজন সু অভিযন্তা হ'বলৈ সক্ষম হ'ল ।

কিন্তু সত্য কাহিনী ওপৰত উল্লেখিত কথাখিনি নহয়,বৰঞ্চ এইয়া কোনো ভুৱা তথ্য যিবোৰ মানুহৰ মাজত কোনো লোকে গুজৱ উলিওৱা বুলি মত প্ৰকাশ কৰি হিসামুদ্দিনে কয় যে,"তেওঁৰ প্ৰকৃত নাম বলীউল্লাহ হয় ।আৰু তেওঁৰ পিতৃ এগৰাকী ৰিক্সা চালক নহয় বৰঞ্চ এগৰাকী খেতিয়ক হয় ।আৰু তেওঁৰ পিতৃয়ে দিন ৰাতি এক কৰি খেতি পথাৰত কাম কৰি বহু ত্যাগ কৰাৰ অন্তত তেওঁৰ পুত্ৰক এজন অভিযন্তা হিচাপে প্ৰতিষ্ঠিত কৰাবলৈ সক্ষম হৈছে ।এই সকলোবোৰ সাধন হৈছে একমাত্ৰ তেওঁৰ কষ্ট আৰু ত্যাগৰ বলত ।

এই কাহিনীভাগ চ'চিয়েল মিডিয়াত ভাইৰেল হোৱা পিছত জনপ্ৰিয় ক্ৰিকেট খেলুৱৈ বীৰেন্দ্ৰ ছেহৱাগে তলত প্ৰকাশ কৰা ফটো খন দেখি ল'ৰাটোক ভাৰতীয় ল'ৰা বুলি ভাবি নিজৰ টুইটাৰ একাউণ্টৰ পৰা প্ৰকাশ কৰে য'ত, এজন ল'ৰাই ৰিক্সাৰ পিছত পিতৃ-মাতৃক বহুৱাই ৰিক্সা টানি আছে ।ইয়াৰোপৰি বীৰেন্দ্ৰ ছেহৱাগে ফটো খন প্ৰকাশ কৰি লিখিছে যে,সুন্দৰ,হিসামুদ্দিন খান এজন অভিযন্তা হয় আৰু তেওঁৰ পিতৃ এগৰাকী ৰিক্সা চালক । আৰু কনভকেচনৰ পিছত নিজৰ পিতৃ-মাতৃক ৰিক্সাৰ পিছত বহুৱাই লৈ গৈ আছে ।

https://twitter.com/virendersehwag/status/1052819958038712320

ভাইৰেল হোৱা কাহিনীভাগ সত্য নহয় যদিও সত্য কথা এইটো হয় যে,বলীউল্লাহ এজন অভিযন্তা হয় আৰু তেওঁৰ পিতৃ এগৰাকী খেতিয়ক হয় । খেতিয়কৰ ল'ৰা হৈও তেওঁ এজন অভিযন্তা হিচাপে প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হোৱাটো ডাঙৰ কথা সেয়ে তেওঁ প্ৰশাংসাৰ পাত্ৰ ।আৰু এইটো ডাঙৰ কথা নহয় যে তেওঁ হিন্দুস্তান নাইবা বাংলাদেশৰে হওঁক,ডাঙৰ কথা এইটো হয় যে,তেওঁৰ এই কাহিনী সমাজৰ অন্য লোকৰ বাবে প্ৰেৰনাদায়ক,উৎসাহদায়ক যিয়ে অন্য ল'ৰা-ছোৱালীক নিজ পিতৃ-মাতৃৰ সপোন পূৰন কৰিবলৈ সাহস তথা প্ৰেৰনা যোগাব ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com