Begin typing your search above and press return to search.

টি-২০ দললৈ উভতিল মহেন্দ্ৰ সিং ধোনী

টি-২০ দললৈ উভতিল মহেন্দ্ৰ সিং ধোনী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Dec 2018 11:20 AM GMT

অষ্ট্ৰেলিয়াৰ বিপক্ষে খেলিবলগীয়া টি-২০ শৃখলাৰ বাবে ঘোষিত দলৰ পৰা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক বাদ দিয়াৰ পিছতে চৌদিশে দল নিৰ্বাচক সমিতিৰ বিপক্ষে প্ৰতিবাদৰ জোৱাৰ উঠিছিল। মহেন্দ্ৰ সিং ধোনীক দলৰ পৰা বাদ দিয়া সিদ্ধান্তক বহু কেইজন প্ৰাক্তন ক্ৰিকেটাৰে সমালোচনা কৰিছিল। মহেন্দ্ৰ সিং ধোনীয়ে নৱাগত উইকেট ৰক্ষক ঋষভ পণ্টক দলত অধিক সুযোগ দিয়াৰ বাবেই দলৰ পৰা আটৰি থকা বুলি মত প্ৰকাশ কৰিছিল। মহেন্দ্ৰ সিং ধোনীক নিজে অৱসৰ গ্ৰহণ নকৰালৈ কোনেও দলৰ পৰা আটৰাই ৰাখিব নোৱাৰিব সেই কথাকে পুনৰ বাৰ প্ৰমান কৰি পুনৰ ভাৰতীয় টি-২০ দললৈ উভতি আহিল কুল ধোনী। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক টি-২০ শৃখলাৰ বাবে ঘোষিত ভাৰতীয় দললৈ উভতি আহিছে মহেন্দ্ৰ সিং ধোনী। ভাৰতে নিউজিলেণ্ডৰ বিপক্ষে তিনিখন টি-২০ খেলত অংশ লৱ। নিউজিলেণ্ডৰ বিপক্ষে খেলিব লগীয়া টি-২০ শৃখলাৰ লগতে আগন্তুক অষ্ট্ৰেলিয়াৰ বিপক্ষে খেলিবলগীয়া এদিনীয়া শৃখলাৰ বাবেও ভাৰতীয় দলটো ঘোষণা কৰা হয়। দল নিৰ্বাচক সমিতিয়ে এদিনীয়া দলৰ পৰা ঋষভ পণ্টক বাদ দিয়ে।

প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক ৱেষ্ট ইণ্ডিজৰ বিপক্ষে খেলা ঘৰুৱা টি-২০ শৃখলাৰ পৰা আৰু অষ্ট্ৰেলিয়াৰ বিপক্ষে খেলা টি-২০ শৃখলাৰ পৰা বিশ্ৰাম দিয়া হৈছিল। দুবাৰৰ বিশ্বকাপ জয়ী ভাৰতীয় অধিনায়ক জনে নিউজিলেণ্ডৰ বিপক্ষে ফেব্ৰুৱাৰীৰ ৬ তাৰিখৰ পৰা ৱেলিংটনত আৰাম্ভ হব লগীয়া টি-২০ খেলত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিব। আগন্তুক ২০১৯ চনত ইংলেণ্ড আৰু ৱেলচত অনুষ্ঠিত হব লগা আইচিচি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পূৰ্বে ভাৰতীয় দলটোৱে ১৩-১৪ খন খেলত অংশগ্ৰহণ কৰিব। ভাৰতীয় নিৰ্বাচক সমিতিয়ে বিশ্বকাপৰ বাবে ভাৰতীয় দলটোৰ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ বাবে এই সময় চোৱাতে চেষ্টা কৰিব। অষ্ট্ৰেলিয়াৰ বিপক্ষে খেলি থকা টেষ্ট শৃখলাৰ পিছতে ভাৰতীয় যুৱ উইকেট ৰক্ষক ঋষভ পণ্টে ভাৰতলৈ উভতিব। নিৰ্বাচক সমিতিয়ে অষ্ট্ৰেলিয়াৰ বিপক্ষে খেলিব লগা এদিনীয়া শৃখলাৰ পৰা ঋষভ পণ্টক বাদ দিয়ে।

এদিনীয়া শৃখলাৰ বাবে ভাৰতীয় দললৈ উভতি আহিছে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডেয়া। হাৰ্ডিক পাণ্ডেয়াই এছিয়া কাপৰ সময়তে পাকিস্তানৰ বিৰুদ্ধে খেলা এদিনীয়া খেলত আঘাত প্ৰাপ্ত হৈছিল। ভাৰতে অষ্ট্ৰেলিয়াৰ বিপক্ষে তিনিখন এদিনীয়া খেলত অংশ লব। এদিনীয়া খেল কেইখন ক্ৰমে ১২ জানুৱাৰীত চিডনীত, ১৫ জানুৱাৰীত এডিলেইটত আৰু ১৮ জানুৱাৰীত মেলৱৰ্নত অনুষ্ঠিত হ'ব। ভাৰতে নিউজিলেণ্ডৰ বিপক্ষেও এদিনীয়া শৃখলাত অংশ ল'ব।

অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ বিপক্ষে খেলিব লগা ঘোষিত এদিনীয়া দলটো হ'ল:

বিৰাট কোহলী(অধিনায়ক), ৰোহিত শৰ্মা (সহঃ অধিনায়ক), লোকেশ ৰাহুল, শিখৰ ধাৱান, আম্বাতি ৰায়ডু, দিনেশ কাৰ্তিক, কেডাৰ যাদৱ, মহেন্দ্ৰ সিং ধোনী, হাৰ্ডিক পাণ্ডেয়া, কুলদীপ যাদৱ, যুবেন্দ্ৰ চহল, ৰবীন্দ্ৰ যাদৱ, ভূৱনেশ্বৰ কুমাৰ, যাচপ্ৰীত বুমৰাহ, খলিল আহমেদ আৰু মহম্মদ চামী।

নিউজিলেণ্ডৰ বিপক্ষে খেলিবলগা ঘোষিত টি-২০ দলটো হ'ল:

বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা, লোকেশ ৰাহুল, শিখৰ ধাৱান, ঋষভ পণ্ট, দিনেশ কাৰ্তিক, কেডাৰ যাদৱ, মহেন্দ্ৰ সিং ধোনী, হাৰ্ডিক পাণ্ডেয়া, ক্ৰুণাল পাণ্ডেয়া, কুলদীপ যাদৱ, যুবেন্দ্ৰ চহল, ভূৱনেশ্বৰ কুমাৰ, যাচপ্ৰীত বুমৰাহ আৰু খলিল আহমেদ।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী:

Next Story
চাকৰি