Begin typing your search above and press return to search.

ডিব্ৰুগড়ত কেপ্তেইন জিন্টু গগৈ স্মাৰক ফুটবল প্ৰতিযোগিতা

ডিব্ৰুগড়ত কেপ্তেইন জিন্টু গগৈ স্মাৰক ফুটবল প্ৰতিযোগিতা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Dec 2018 11:27 AM GMT

ডিব্ৰুগড়ত ১৬ ডিচেম্বৰৰ পৰা আৰাম্ভ হৈছে পঞ্চদশ কেপ্তেন জন্টু গগৈ স্মাৰক ফুটবল প্ৰতিযোগিতা। ২০১৮-২০১৯ বৰ্ষৰ এই ঐতিহ্যমণ্ডিত ফুটবল প্ৰতিযোগিতা খনত ভালেকেইটা ফুটবল দলে অংশগ্ৰহণ কৰিছে। পঞ্চদশ কেপ্তেইন জিন্টু গগৈ ফুটবল প্ৰতিযোগিতা খন ডিচেম্বৰৰ ১৬ তাৰিখৰ পৰা আৰাম্ভ হৈ ২৮ তাৰিখে সামৰণি পৰিব। ডিব্ৰুগড়ৰ ভিক্টৰী পলো খেলপথাৰত প্ৰতিযোগিতাখনৰ খেল সমূহ অনুষ্ঠিত হৈ আছে।বুধবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন খেল লহোৱাল মহাবিদ্যালয় আৰু নাজিৰা মহাবিদ্যালয়ৰ মাজত খেলোৱা হৈছিল আৰু তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত নাজিৰা মহাবিদ্যালয়ে লাহোৱাল মহাবিদ্যালয়ক ৪-০ গ'লত পৰাস্ত কৰে। উত্তেজনাপূৰ্ণ খেলখনত নাজিৰা মহাবিদ্যালয়ৰ সুন্দৰ প্ৰদৰ্শনৰ আগত লাহোৱাল মহাবিদ্যালয়ে প্ৰত্যাহবান গঢ়িব নোৱাৰিলে। নাজিৰা মহাবিদ্যালয়ে খেলখনৰ অধিকাংশ সময় বল নিজৰ মাজতে ৰাখি ছন্দোবদ্ধ পাছ খেলি লাহোৱাল মহাবিদ্যালয়ৰ খেলুৱৈ সকলক অসহায় কৰি তোলে। নাজিৰা মহাবিদ্যালয়ৰ হৈ উৎপল দাসে এটা, গোপাল আগৰেছে মহন্তই এটা, গোপাল নবনিত বুঢ়াগোহাই এটা আৰু সৌৰভ জ্যোতি গোহায়ে এটা গোল কৰে।

আন এখন খেল অনুষ্ঠিত হয় ডিগবৈ মহাবিদ্যালয় আৰু নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ৰ মাজত। দুয়োখন মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত হোৱা খেল খনত নন্দলাল বৰগোহাঁই মহাবিদ্যালয় বিজয়ী হয়। ফুটবলৰ সুন্দৰ কলাৰে ভৰি থকা খেল খনত ডিগবৈ মহাবিদ্যালয় ৪-১ গ'লৰ ব্যাবধানত পৰাস্ত হয়। নন্দলাল বৰগোহাঁই চিটি কলেজৰ হৈ ৰাহুল বৰাই এটা, হিৰকজ্যোতি মৰাণে এটা,লক্ষ্যজ্যোতি সোণোৱালে এটা আৰু কল্যাণ ভূঞাই এটা গ'ল স্কোৰ কৰে। ডিগবৈ মহাবিদ্যালয়ৰ হৈ একমাত্ৰ গ'লটো পৰিষোধ কৰে ঋষভ প্ৰধানে। ভালেসংখ্যক ফুটবল প্ৰেমী উপস্থিত থাকি প্ৰতিযোগিতা খন বেছ উপভোগ্য কৰি তোলে। অহাকালি অনুষ্ঠিত হব লগা প্ৰথম খেলত নাহৰকটীয়া মহাবিদ্যালয়ে এইচচিডিজি মহাবিদ্যালয়ৰ বিৰুদ্ধে খেলিব আৰু দ্বিতীয়খন খেলত খোৱাঙ মহাবিদ্যালয়ে ডিএফচিচি মহাবিদ্যালয়ৰ মুখামুখি হব। দৰ্শকৰ উপস্থিতিয়ে গোটেই কেইখন খেল বেচ উপভোগ্য কৰি তুলিছে।প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা কেপ্তেন জিন্টু গগৈ স্মাৰক ফুটবল প্ৰতিযোগিতা খনে স্থানীয় বহু ফুটবল প্ৰতিভা বিছাৰি উলিয়াবলৈ সক্ষম হৈছে। এই প্ৰতিযোগিতা খনৰ যোগেৰে ফুটবলৰ ক্ষেত্ৰত আগ্ৰহী প্ৰতিভাবান খেলুৱৈ সকলে নিজৰ ফুটবল প্ৰতিভা বিকাশৰ সুবিধা পাই আৰু এনেদৰে আগবাঢ়ি গৈ এদিন ৰাজ্যৰ ফুটবল জগততো ভূমুকি মৰাৰ সুযোগ পাই। খেল চাবলৈ অহা এজন আগ্ৰহী ফুটবল প্ৰেমীয়ে এ্নেদৰে মন্তব্য আগবঢ়াই। ভাৰতীয় দলে ভবিষ্যতে ফুটবল বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ হলে এনেদৰেই প্ৰাথমিক পৰ্য্যায়ৰ পৰা ফুটবলত গুৰুত্ব দিব লাগিব, আন এজন ফুটবল প্ৰেমীয়ে এনেদৰে মন্তব্য কৰে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

Next Story
চাকৰি