দুৰ্নীতিমুক্ত পঞ্চায়তীৰাজৰ প্ৰতিশ্ৰুতিৰে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

দুৰ্নীতিমুক্ত পঞ্চায়তীৰাজৰ প্ৰতিশ্ৰুতিৰে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত বুধবাৰে দুৰ্নীতিমুক্ত পঞ্চায়ত আৰু বিকশিত গ্ৰামাঞ্চলৰ প্ৰতিশ্ৰুতিৰে দলটোৰ পঞ্চায়ত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে।

আজি হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত দলটোৰ নিৰ্বাচনী ইস্তাহাৰ উন্মোচনী সভাত উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস।

নিৰ্বাচনী ইস্তাহাৰৰ লগতে দলটোৱে নিৰ্বাচনী প্ৰচাৰৰ বাবে দুটা গীতো উন্মোচন কৰে। বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাৰ তত্বাৱধানত উলিওৱা গীত দুটাৰ এটাত কণ্ঠদান কৰিছে নীল আকাশ আৰু আনটোত কণ্ঠ নিগৰাইছে চাজন নায়কে।

পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ উন্মোচনী সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসমৰ বুকুত স্বচ্ছ আৰু নিকা পঞ্চায়তীৰাজ ব্যৱস্থাৰ বাবে বিজেপি দলটোৱে চেষ্টা কৰিছে। লগতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা কৰি সোণোৱালে প্ৰকাশ কৰে যে::“মাননীয় প্ৰধান মন্ত্ৰী মোদীৰ বলিষ্ঠ নেতৃত্বত দেশৰ ১২৫ কোটি লোকে মৰ্য্যাদাপূৰ্ণ জীৱন পাইছে। দেশবাসীয়ে শক্তিশালী গণতান্ত্ৰিক মূল্যবোধৰ বাতাৱৰণ পাবলৈ সক্ষম হৈছে।”

আনহাতে ইস্তাহাৰ উন্মোচনী সভাৰ ভাষণত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ‘পাহাৰ-ভৈয়াম, বৰাক ব্ৰহ্মপুত্ৰ’ৰ একতাৰ মন্ত্ৰ ফাঁকি পুনৰাই দোহাৰি পূৰ্বৰ চৰকাৰৰ তুলনাত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে অসমৰ ৰাইজক আস্থাত লৈ দুৰ্নীতিমুক্ত অসম নিৰ্মাণ কৰাৰ বাবে নিৰন্তৰ অভিযান চলাই এটা আমূল পৰিৱৰ্তন ৰাইজৰ দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে।

কংগ্ৰেছে দুষ্ট বুদ্ধিৰে জনসাধাৰণৰ প্ৰাপ্ত অধিকাৰ সমূহ কাঢ়ি লৈছিল বুলিও সভাত সদৰি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আগন্তুক নিৰ্বাচনৰ দুৰ্নীতি মুক্ত পঞ্চায়ত গঠন আৰু বিকশিত গ্ৰামাঞ্চল মূল শ্লোগান বুলি ঘোষণা কৰাৰ লগতে পূৰ্বৰ চৰকাৰৰ দূৰ্নীতিৰ কথা উল্লেখ কৰি কয় যে কংগ্ৰেছৰ দিনত

দিয়া ঘৰবোৰৰ দুৰ্নীতি সৰ্বজনে জানে। সেই একেই আঁচনিৰ অধীনত ঘৰবোৰৰ বাবে পূৰ্বৰ ৭৫ হাজাৰ টকাৰ ঠাইত ১.৫ লাখ টকা জনসাধাৰণৰ নিজ একাউণ্টত জমা কৰি দিয়া বুলি কয় ৰঞ্জিত দাসে।

আনহাতে এইবাৰৰ এ পি এছ চিত গ্ৰাম্যাঞ্চলৰ আৰু সাধাৰণ পৰিয়ালৰ পৰা অহা পৰীক্ষাৰ্থীৰ সফলতাৰ আঁৰতো বৰ্তমানৰ চৰকাৰখনৰ দূৰ্নীতিমুক্ত স্থিতিৰ কৃতিত্ব দাবী কৰে ৰাজ্যিক সভাপতি জনে। “এইবাৰ আনকি ডিমা হাচাওৰ পৰা একেবাৰে সাধাৰণ পৰিয়ালৰ ১৫ গৰাকী পৰীক্ষাৰ্থীয়ে সফলতা পাইছে। গতিকে গ্ৰাম্যাঞ্চলৰ মানুহে ভালদৰে বুজিছে যে বিজেপিয়ে কি কৰি আছে বা কি কৰিব অনাগত দিনত । এইদৰে সভাত উল্লেখ কৰি কয় ৰঞ্জিত দাসে।

সভাপতি ৰঞ্জিত দাসে কয় - কংগ্ৰেছৰ দিনত গ্ৰামাঞ্চলত এম জি এনৰেগা (MGNREGA)ৰ নামত সংঘটিত হৈছিল ব্যাপক দুৰ্নীতি। ৪.৫০ লাখ ভুৱা জবকাৰ্ডধাৰীক এইবাৰৰ চৰকাৰে ধৰা পেলাইছে আৰু সেই একাউণ্ট সমূহো বন্ধ কৰি প্ৰকৃতাৰ্থত আচনিখনৰ পৰা জনগন‌ই লাভ লব পাৰিছে ।

পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশৰ দিনটোত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ভালেসংখ্যক দলীয় নেতা কৰ্মী উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com