দ্বিতীয় স্থানত থাকিও সন্তুষ্ট কংগ্ৰেছ

দ্বিতীয় স্থানত থাকিও সন্তুষ্ট কংগ্ৰেছ
Published on

"যদিওবা আমি পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ দ্বিতীয় স্থানত আছো তথাপিও আমি সন্তুষ্ট" পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ ফলাফলক কেন্দ্ৰ কৰি এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই।বিজেপি বিৰোধী দল হৈ থকাৰ সময়ৰ তুলনাত কংগ্ৰেছ দলে বিৰোধী আসনত থাকিও এক সন্তুষ্টিমূলক ফলাফল লাভ কৰিব সক্ষম হৈছে বুলি দাবী কৰে দ্বিজেন শৰ্মাই।

ধন বল, বাহুবল প্ৰয়োগ কৰি বিজেপি পঞ্চায়ত নিৰ্বাচনত জয়ী হৈছে এই মন্তব্য দ্বিজেন শৰ্মাৰ। তেওঁ লগতে কয় "পঞ্চায়ত নিৰ্বাচনত প্ৰথম হেলিকপ্তাৰ উৰুৱাইছে বিজেপিয়ে। পূৰ্বতে এনেকুৱা হোৱা নাছিল।" পঞ্চায়ত নিৰ্বাচনৰ সময়তেই ভিতি প্ৰদৰ্শন কৰি ভোট আহৰণৰ চেষ্টা চন্দ্ৰমোহন পাটোৱাৰীয়ে কৰিছিল বুলি দাবী কৰে দ্বিজেন শৰ্মাই।

অতি সাম্প্ৰদায়িক মন্তব্যৰে নিজকে চিনাকি দিয়া শিলাদিত্য দেৱক হোজাইত ৰাইজে সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে বুলিও মন্তব্য কৰে জেষ্ঠ কংগ্ৰেছী নেতা গৰাকীয়ে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com