Begin typing your search above and press return to search.
ধনশিৰী মহকুমাৰ প্ৰায় ৬০০ মানুহ বানৰ কবলত

ধনশিৰী মহকুমাৰ অন্তৰ্গত ৰতনপুৰ পঞ্চায়তৰ হৰহৰি আৰু ধুন্দাচামত প্ৰায় ৬০০মানুহ আৰু ৭০টা পৰিয়াল বৰ বেয়াকৈ বানপানী ক্ষতিগ্ৰস্ত হৈছে।জানিব পৰা মতে,নিপকোৰ হাইড্ৰ-ইলেক্টিকেল পাৱাৰ প্ৰজেক্ট এটাই যোৱা শনিবাৰে চাৰিখন গেটেৰে পানী এৰি দিয়াৰ ফলত ধনশিৰী নদীৰ পানী বিপদ সীমাৰেখাৰ ওপৰেদি পাৰ হয়।অসম-নগালেণ্ডৰ সীমাৰ দায়ং নদী,চুনগঞ্জন নৱাঘাট,বৰপথাৰ-শোণিতপুৰ আৰু গেলাবিল আদি অঞ্চলত পানীয়ে অতি বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে।
Next Story