Begin typing your search above and press return to search.

নিপকোৰ বিৰুদ্ধে এজাহাৰ দাখিল খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ

নিপকোৰ বিৰুদ্ধে এজাহাৰ দাখিল খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:01 AM GMT

নিপকোৱে কোনো আগজাননী নিদিয়াকৈ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ ধনশিৰী নদীৰ পানী বাঢ়ি যোৱাত গোলাঘাট জিলাৰ ৯০ খনতকৈ অধিক গাওঁ বানৰ কবলত পৰিছে।নিপকোয়ে পানী এৰি দিয়াৰ ফলত ধনশিৰি নদীৰ বাঢ়নী পানীয়ে গোলাঘাটৰ ভোলাগুৰিৰ এখন দলং উটুৱাই লৈ যায়।যাৰ বাবে নিপকোৰ বিৰুদ্ধে গোলাঘাট সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ।

ইয়াৰ পাচত নিপকোৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত অপৰাধ সংক্ৰান্তীয় গোচৰ তৰাৰ কথাও মন্তব্য কৰে বিধায়কগৰাকীয়ে।ভোলাগুৰি অঞ্চলৰ ৰাইজৰ দুৰ্দশা দেখি বিধায়ক জনে চৰকাৰী ধন আৱণ্টন হোৱাৰ পূৰ্বেই নিৰ্মাণ কৰি দিছিল উক্ত দলংখন ।

গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ে কয় যে নিপকোৰ এই কাৰ্য্য অতি অমানবীয়,কোনোধৰনৰ জাননি নিদিয়াকৈ পানী এৰি ৰাইজক যি বিপদত পেলাইছে,সেয়া সহ্য কৰা নহব।আমি অতি সোনকালে নিপকোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহন কৰিম।বিধায়ক শইকীয়াই নিপকোৰ পৰা ক্ষতিপূৰণ দাবী কৰা লগতে উচ্চ ন্যায়ালয়ৰ দাৰস্ত হোৱাৰো হুংকাৰ দিয়ে।

Next Story
চাকৰি