Begin typing your search above and press return to search.

নিয়ন্ত্ৰণলৈ আহিছে ধনশিৰী মহকুমাৰ বান পৰিস্থিতি

নিয়ন্ত্ৰণলৈ আহিছে ধনশিৰী মহকুমাৰ বান পৰিস্থিতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 9:09 AM GMT

যোৱা দেওবাৰে ধনশিৰী মহকুমাৰ বান পৰিস্থিতিৰ অৱস্থা আগৰ তুলনাত বৰ্তমান নিয়ন্ত্ৰনলৈ আহিছে।ইয়াৰ উপৰিও সৰুপথাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম আৰু নগালেণ্ড সীমান্তৰ ওচৰত থকা বনাঞ্চলৰ চেক্টৰ 'বি' আৰু চেক্টৰ 'চি' প্ৰায় ১১,২৪০মানুহ বানৰ কৱলত আছে।আগষ্টৰ ৫তাৰিখলৈ সৰুপথাৰ ৰাজহ চক্ৰৰ ৮০৯ হেক্টৰ শস্যভূমি,ডাঙৰ সৰু ৮,৮১২ পশুধন আৰু ৩০৩ লোকৰ গৃহ বানপানীত বহু পৰিমানে ক্ষতিগ্ৰস্ত হৈছে। পুনৰ আগষ্টৰ ৫ তাৰিখৰ এক তথ্যানুসৰি বৰ্তমানলৈ সৰুপথাৰ ৰাজহ চক্ৰৰ সীমান্ত অঞ্চলত স্থাপিত কৰা ১৭টা সাহাৰ্য্য শিৱিৰ আৰু বিতৰন কেন্দ্ৰত প্ৰায় ৮,৭০০লোক এই সাহাৰ্য্য শিৱিৰত আছে।

ভিন্ন সংগঠন আৰু ধনশিৰী মহকুমাৰ প্ৰশাসনৰ লোকে সাহাৰ্য্য শিৱিৰত ২৪৫.৮৯কুইণ্টল চাউল, ৪৫,৪৬৩ কুইণ্টল ডালি, ১৩.৫৫৪ কুইণ্টল নিমখ, ১৩৫৪.৩৮ লিটাৰ সৰিয়ঁহৰ তেল, ১,৪৭৮ মমৰ পেকেট, ৬কাৰ্টন মহ মৰা কয়ল, ৭১৭ কুইণ্টল পশুধনৰ বাবে খাদ্য, ৪৫বটল ফেনাইল, ৩৭.৫ কেজি ব্লিচিং পাউদাৰ, ৪,৫০০ লিটাৰ পানী,৩০০পেকেট বিস্কুট, চাৰি বটল হৰলিক্স আদি বিতৰন কৰিছে।

জানিব পৰা কোনো তথ্যানুসৰি,হাইড্ৰ-ইলেক্ট্ৰিকেলৰ পাৱাৰ প্ৰজেক্ট নিপকোৱে গোলাঘাট জিলাৰ অসম ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষক জনায় যে আগষ্টৰ ৫ তাৰিখৰ পুৱা ৫বজাত দায়ং নদীৰ পানীৰ সীমা ৩২৩.৬৫ মিটাৰ তললৈ নামি আহে আৰু চাৰি খন ৰেডিয়েল গেট বন্ধ কৰি দিয়া হয়।

Next Story
চাকৰি