Begin typing your search above and press return to search.

নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হ'ল দিপালী বাইদেউ

নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হল দিপালী বাইদেউ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Dec 2018 9:59 AM GMT

"জোন জ্বলে কপালতে তৰাৱতীক চাই" সচাকৈ কপালত জোনাকী জোনটোৰ দৰেই ৰঙা ফোট এটি পিন্ধি নৱগ্ৰহ শ্মশানত বিলীন হৈ পৰে কোকিলকণ্ঠী গায়িকা দিপালী বৰঠাকুৰ বাইদেউ। সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে অসমৰ সাহিত্য সংস্কৃতি, ৰাজনীতি জগতৰ ভালে সংখ্যক গুণমুগ্ধ‌ই এক শোকাকোল পৰিৱেশত বাইদেউলৈ শেষ শ্ৰদ্ধা জনাই। অন্তষ্টিক্ৰিয়াৰ মুখাগ্নি কৰে দিপালী বৰঠাকুৰ বাইদেউৰ ভতিজা পাৰ্থ প্ৰতীম বৰদলৈয়ে।আজি ৰাতিপুৱা দিপালী বৰঠাকুৰৰ পাৰ্থিৱ শৰীৰ প্ৰথমে আকাশবানী গুৱাহাটী কেন্দ্ৰলৈ লৈ যোৱা হয়। বাইদেউৱে বহুদিন ধৰি আকাশবাানী গুৱাহাটী কেন্দ্ৰত সংগীত পৰিবেশন কৰিছিল। আকাশবানী গুৱাহাটী কেন্দ্ৰৰ পিছত শোভাযাত্ৰা কৰি বাইদেউৰ শৰীৰ ৰবীন্দ্ৰ ভৱনলৈ লৈ অহা হয়।ৰবীন্দ্ৰ ভৱনৰ পিছত অনা হয় অসম সাহিত্য সভাৰ কাৰ্য্যলয়লৈ আৰু অসম সাহিত্য সভাৰ কাৰ্য্যলয়ৰ পিছত লৈ যোৱা হয় সদৌ অসম ছাত্ৰ সন্থাৰ উজান বজাৰ স্থিত শ্বহীদ ন্যাসলৈ। শ্বহীদ ন্যাসৰ পিছত শেষকৃতৰ বাবে দিপালী বৰঠাকুৰৰ শৰীৰ নৱগ্ৰহ শ্মশানত উপস্থিত হয়। অসমীয়া সাহিত্য, সংগীত, চিত্ৰকলা, চলচিত্ৰ আৰু সাধাৰণ শ্ৰেণীৰ সকলো লোক বাইদেউক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে উপস্থিত হয়।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

Next Story