পঞ্চয়তত সফলতাৰ পিছতেই হিমন্তৰ অগপলৈ সকীয়নি

পঞ্চয়তত সফলতাৰ পিছতেই হিমন্তৰ অগপলৈ সকীয়নি
Published on

অসমৰ সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে সফলতা লাভ কৰাৰ পিছতে অগপৰ বিৰুদ্ধে আৰু অধিক সৰব হৈ পৰিছে স্থাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰে হোৱা বৰ্তালাপত অগপলৈ তীব্ৰ বাক্যবাণ নিক্ষেপ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে মিত্ৰতা ৰখা নৰখাটো অগপৰ ওপৰত নিৰ্ভৰ কৰিব। মিত্ৰ দল হিচাপে থাকিব বিচাৰিলে মিত্ৰ হিচাপে থাকিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ সময়ত অগপৰ আচৰণ সম্পৰ্কে কয় যে মোক তেওঁলোকে জেললৈ পঠিয়াই, মিত্ৰ হিচাপে ৰক্ষাণাবেক্ষণ দিয়াটোহে তেওঁলোকৰ কৰ্তব্য আছিল বুলিও অগপক কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে সুৰ মিলাই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসেও অগপক সমালোচনা কৰি কয় যে অসমৰ ৰাইজে অগপক সমৰ্থন কৰা নাই। বিজেপিৰে মিত্ৰতা নকৰি অগপই বহু ক্ষেত্ৰত কংগ্ৰেছক সমৰ্থন কৰা বুলিও সমালোচনা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com