
ভোট গণনা চলি আছে পঞ্চায়ত নিৰ্বাচনৰ। সামগ্ৰিক সময়লৈ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোট গণনাত বিভিন্ন দলৰ স্থিতি:
বিজেপিয়ে জিলা পৰিষদৰ ২ টা সমষ্টি, আঞ্চলিক পঞ্চায়তৰ ২৯ খন, পঞ্চায়ত সভাপতিৰ ৪৭ খন, পঞ্চায়ত সদস্যৰ ১৫ আসনত জয়লাভ কৰিছে।
কংগ্ৰেছে জিলা পৰিষদৰ ৩ টা সমষ্টি, আঞ্চলিক পঞ্চায়তৰ ০৭খন, পঞ্চায়ত সভাপতিৰ ১৪ খন, পঞ্চায়ত সদস্যৰ ৭৩ আসনত জয়লাভ কৰিছে।
অগপই জিলা পৰিষদৰ ৪ টা সমষ্টি, আঞ্চলিক পঞ্চায়তৰ ০২খন, পঞ্চায়ত সভাপতিৰ ০৪ খন, পঞ্চায়ত সদস্যৰ ৫৩ আসনত জয়লাভ কৰিছে।
এআই ইউ ডি এফে আঞ্চলিক পঞ্চায়তৰ ০১খন, পঞ্চায়ত সভাপতিৰ ০১ খন আসনত জয়লাভ কৰাৰ বিপৰীতে এতিয়ালৈ কোনো জিলা পৰিষদ আৰু পঞ্চায়ত সদস্যৰ আসনত জয় লাভ কৰা নাই।
অন্যান্য প্ৰাৰ্থী সকলে ১১ খন আঞ্চলিক পঞ্চায়ত আসনত, ৩ খন পঞ্চায়ত সভাপতি আসনত আৰু ১৭ খন পঞ্চায়ত সদস্যৰ আসনত জয় লাভ কৰিছে।
অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ