প্ৰথম টেষ্টৰ পৰা বাহিৰ হল আঘাতপ্ৰাপ্ত পৃথ্বী শ্ব

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট চিৰিজৰ আগে আগে বিপদত পৰিছে ভ্ৰমণকৰী দল ভাৰত। প্ৰথম টেষ্টৰ পূৰ্বে আঘাতৰ বাবে দলৰ পৰা বাহিৰ হব লগা হল ভাৰতীয় দলৰ যুৱ প্ৰতিভাবান অপেনাৰ পৃথ্বী শ্ব। শুক্ৰবাৰে ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত ক্ৰিকেট অষ্ট্ৰেলিয়া একাদশৰ বিপক্ষে খেলি থকা প্ৰস্তুতি খেলত ফিল্ডিঙৰ সময়ত বাওঁ ভৰিৰ সৰু গাঠিত আঘাত পাই ভাৰতৰ অপেনিং বেটছমেনজনে।প্ৰথম ইনিংছত অৰ্ধশতকীয় ইনিংছ খেলা পৃথ্বীয়ে বাউণ্ডেৰী
লাইনত এটা কেচ আয়ত্ত কৰিব যাওতেই আঘাত পায়।আঘাতপ্ৰাপ্ত অপেনাৰ গৰাকীৰ পিছত আঘাত পোৱা ঠাইত স্কেন কৰা হয় আৰু আঘাত গুৰুতৰ নহয় বুলি কোৱা হয় যদিও এডিলেইটত অষ্ট্ৰেলিয়াৰ বিপক্ষে খেলিব লগীয়া প্ৰথম টেষ্টত দলৰ হৈ খেলিব নোৱাৰিব পৃথ্বী শ্বয়। সদ্যসমাপ্ত ইংলেণ্ড চিৰিজত ভাৰতৰ হৈ অভিষেক ঘটিছিল পৃথ্বী শ্বৰ। অভিষেক টেষ্টতে শতৰাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ভাৰতৰ প্ৰতিভাবান বেটছমেনজনে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ উভয় দলৰ খেলুৱৈ সকলে পৃথ্বী শ্বৰ আঘাতৰ বাবে দুখ প্ৰকাশ কৰিছে।
অধিক খবৰৰ বাবে পঢ়ক: খেলৰ পৃথিৱী