প্ৰসংগঃলোকসভা নিৰ্বাচনঃ সাজু হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন

প্ৰসংগঃলোকসভা নিৰ্বাচনঃ সাজু হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন
Published on

বিগত নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ বিশ্বজিৎ পেগুৱে এখন সংবাদ মেল সম্বোধন কৰে ৷ ২৩ মে’ত ঘোষণা হ’ব লগীয়া

নিৰ্বাচনৰ ভোট গণনা সন্দৰ্ভত সংবাদ মেলখন আয়োজন কৰে উপায়ুক্তই। জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলখনত উপায়ুক্তই কয় যে ভোটগণনাৰ দিনা কোনোধৰনৰ কেমেৰা, ভিডিঅ কেমেৰা ভিতৰত নিব নোৱাৰিব লগতে ইভিএমৰ কোনো ধৰণৰ ৰেকৰ্ডিং কৰিব নোৱাৰিব ৷

নিৰ্দিষ্ট এক সীমাৰ ভিতৰতহে ৰেকৰ্ডিং কৰিব পাৰিব৷ সংবাদ মাধ্যমক প্ৰসংগ উল্লেখ কৰি কয় যে এটা নিদিৰ্ষ্ট স্থানত সংবাদ মাধ্যমক স্থান দিয়া হব ৷ যিকোনো ধৰণৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে তিনি ধৰণৰ চেকিং থাকিব ৷ ইফালে ষ্ট্ৰং ৰূমৰ ভিতৰত মোবাইল নিষিদ্ধ কৰিছে কৰ্তৃপক্ষই ৷ মোবাইলসমূহ বাহিৰত ৰখা হব, সুৰক্ষিত কৰি ৰখা হব, কিন্তু হেৰালে প্ৰশাসন জগৰীয়া নহয় ৷

লগতে প্ৰাৰ্থীৰ এজেন্টৰ সন্মুখতহে ভিভিপিএটি মুকলি কৰা হ’ব ৷ ল’টাৰী যোগে নিৰ্বাচন কৰা পাঁচটা প’লিং ষ্টেশ্যনৰ ভিভিপিএটি গণনা কৰা হ’ব। প্ৰত্যেকটো পৰ্যায়ত ত নিৰ্বাচনৰ গণনাৰ ফলাফল দি থকা হ’ব ৷"সুবিধা এপ"ৰ জৰিয়তে ফলাফল সমূহ অনলাইনৰ যোগেৰে দি থকা হ’ব ৷ দাতা উপলব্ধ হোৱা কেন্দ্ৰৰ পৰা প্ৰতিটো তথ্য পাব সংবাদ মাধ্যমে ৷লগতে ভোটগণনাত নিয়োযিত থাকিব প্ৰায় ২০০ জন বিষয়া ৷

ইফালে ভোটগণনা কক্ষত প্ৰাৰ্থী আৰু এজেন্ট প্ৰবেশ কৰিব পাৰিব ৷ চাৰিটা সমষ্টিত 56 টেবল থাকিব ৷ 4 সমষ্টিৰ 20টা ভিভিপিএটি মেচিন চাব ৷ ভিভিপিএটিৰ মেচিন গণনা কৰিব কাৰণে পূৰ্বতকৈ ফলাফল ঘোষণা কৰা পলম হ’ব ৷

ভিভিপিএট মেচিনৰ বাবে দুপৰনিশালৈ চলিব ভোট গণনা৷ প্ৰত্যেক জন প্ৰাৰ্থীৰ বিপৰীতে একোখনকৈ টেবুল থাকিব। আৰু এজন কাউন্টিং এজেন্ট থাকিব ৷অন্যহাতে বিগত নিৰ্বাচন শান্তি পূৰ্ণ ভাৱে অনুষ্ঠিত হোৱা কাৰণে সকলোৱে ধন্যবাদ জনায় বিশ্বজিৎ পেগুৱে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com