
বলীউডৰ অভিনেতা ছলমান খান আৰু কেটৰীনা কাইফ সম্প্ৰতি ব্যস্ত আছে চৰ্চিত ছবি ভাৰতৰ দৃশ্য গ্ৰহণত। ছবিখন মুক্তি পাব ৫ জুনত ৷ ভাৰত ছবিখনত ছলমান আৰু কেটৰীনাৰ কেমেষ্ট্ৰিক পছন্দ কৰিছে সকলোৱে ৷ ইফালে যেতিয়াই বলীউডৰ ছবিৰ জৰিয়তে ছলমান খান আৰু কেটৰীনা কাইফ একেলগে একেখন স্কীণত আহে তেতিয়াই চৰ্চা লাভ কৰে ৷
সেয়েহে বলীউডৰ ছবিৰ লগতে সৰু পদাৰ্তটো একেলগে দেখা যাব পাৰে ছলমান খান আৰু কেটৰীনা কাইফক ৷ এক বিশেষ সূত্ৰৰ অনুসৰি কেটৰীনা কাইফ আৰু ছলমান খানে বিগ বছ ১৩ ত হোষ্ট কৰিব পাৰে ৷ বিগ বছ অনুষ্ঠানটিৰ নিৰ্মাতাসকলক ছলমানে আহ্বান কৰে যে অনুষ্ঠানটিত এগৰাকী মহিলা এংকৰক আনিব লাগে ৷ সেয়ে ছলমানৰ কথা মতেই সম্প্ৰতি এই সন্দৰ্ভত বিশেষ চিন্তা চৰ্চা কৰিছে বিগ বছৰ নিৰ্মাতাসকলে ৷
ইফালে এই সন্দৰ্ভত বলীউডৰ আন এগৰাকী অভিনেত্ৰী আলিয়া ভাট্টৰ কথাও চিন্তা কৰিছে বিগ বছৰ কৰ্মকৰ্তাসকলে ৷ ইফালে ছলমানে আলিয়া ভাট্টৰ লগত সঞ্জয় লীলা ভাঞ্চালীৰ ইনছে আল্লাহত কাম কৰিব ৷
ভাৰত ছবি অভিনেতা ছলমান খানৰ লগত ভাল সম্পৰ্ক আছে ভাবীজী ঘৰ পৰ হ্যেৰ অভিনেতা আচিফ শেখৰ । কৰণ অৰ্জুণ,প্যাৰ ক্যিয়া তো ডৰনা ক্যিয়া,চাদী কৰকে ফচ গয়ে য়াৰ,দিল নে জিচে অপনা কাহা আদি ছবিত আচিফ শেখে অভিনয় কৰাৰ পিছত অভিনেতা গৰাকীক সম্প্ৰতি দেখিবলৈ পোৱা যাব ভাৰত ছবিত ৷ ভাৰত ছবিখনত আচিফ শেখে ছলমান খানৰ ভগ্নীৰ স্বামীৰ চৰিত্ৰত অভিনয় কৰিছে যিয়ে এলাহাবাদ অৰ্থাৎ প্ৰয়োগৰাজত অধিবক্তাৰ চৰিত্ৰত অভিনয় কৰিছে ৷
ভাৰত ছবিত কাম কৰাৰ সময়ত মোক ছলমান খানে কৈছিল যে অন্য ধাৰাবাহিকত নগলেও আমাৰ ধাৰাবাহিক খনলৈ আহিব বিচাৰে অভিনেতা গৰাকী ৷ সীমিত সময়ৰ কাৰণে ছলমান খান ভাবীজী ঘৰ পৰ হ্যেত উপস্থিত হয় আৰু ধাৰাবাহিকখনৰ কাৰণে দৃশ্য গ্ৰহণ কৰে ৷ ভাৰত ছবিখন অলবিৰা খানৰ স্বামী অতুল অগ্নিহোত্ৰীয়ে পৰিচালনা কৰিছে ৷
শেহতীয়াকৈ চ’নী টিভিৰ দ্য কপিল শৰ্মা শ্ব’ অনুষ্ঠানটিত ভাৰত ছবিৰ প্ৰমোশ্যনৰ কাৰণে উপস্থিত হয় কেটৰীনা কাইফ আৰু ছলমান খান ৷ অনুষ্ঠানটিত ছলমান খান আৰু কেটৰীনা কাইফৰ সৈতে বিভিন্ন ধৰণৰ মত বিনিময় কৰে কপিল শৰ্মাই ।
ছলমান খানৰ লগত আচিফ শেখৰ ভাল সম্পৰ্ক আছে। ইয়াৰ কাৰণে আচিফ শেখৰ মন্তব্য অনুসৰিয়েই ছলমান খানে ভাবীজী ঘৰ পৰ হ্যেত ভাৰত ছবি প্ৰমোশ্যনৰ কাৰণে উপস্থিত হয় ৷ এই সন্দৰ্ভত আছিফে কয় যে মই ছলমান খানৰ লগত প্ৰায় ৬-৭ খন ছবিত অভিনয় কৰিছোঁ ৷অৱশ্যে বিগ বছত এতিয়ালৈকে মহিলা এংকৰক অনা প্ৰসংগটোৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা নাই। অনুষ্ঠানটো চলিত বৰ্ষৰ ছেপ্তম্বৰত আৰম্ভ হ’ব ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন