
বলীউডৰ অভিনেতা ছলমান খানৰ ভাৰত ছবি মুক্তিৰ পূৰ্বতেই আছে যথেষ্ট চৰ্চাত ৷ ছবিখনত কেটৰীনা কাইফে অভিনয় কৰিছে কুমুদ নামৰ এটি মুখ্য চৰিত্ৰত ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ছলমান খানে কুমুদ চৰিত্ৰটোৰ কাৰণে বলীউড আৰু হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাক আহ্বান কৰিছিল ৷
কিন্তু ছলমান খানে সম্প্ৰতি মন্তব্য কৰিছে যে প্ৰিয়াংকা চোপ্ৰাই নিজেই কুমুদ চৰিত্ৰটোৰ কাৰণে দিবলৈ আহ্বান কৰিছিল ৷ ছলমান খান সংবাদ মাধ্যমক কয় যে প্ৰিয়াংকা চোপ্ৰা ভাৰত ছবিখনৰ কাৰণে যথেষ্ট উৎসুক আছিল ৷ সেই সময়ত প্ৰিয়াংকা ২০ দিনৰ কাৰণে ভাৰতলৈ আহিছিল ৷ ছবিখনৰ ডাইৰেক্টৰ আলীক ছবিখনৰ সন্দৰ্ভত যোগাযোগ কৰে ৷ কিন্তু তাৰ মাজতে হঠাৎতে নিক জ’নাছ লগত হোৱা বিয়াৰ কথাই প্ৰিয়াংকাই ভাৰত ছবিত অভিনয় নকৰাৰ সিদ্ধান্ত লয় ৷
ছলমান খানে লগতে কয় যে প্ৰিয়াংকাই মোক কয় যে নিক জ’নাছে মোক বিয়াৰ কাৰণে প্ৰস্তাৱ দিছে ৷ গতিকে এই ক্ষেত্ৰত বিয়াৰ তাৰিখক লৈ অসুবিধাৰ সৃষ্টি হ’ব পাৰে। সেই সময়ত ছলমানে প্ৰিয়াংকাক কয় যে আপুনি বিয়াত ব্যস্ত থাকক,আমি ব্যৱস্থা কৰি ল’ম ৷ কিন্তু শেষত ছবিখনত অভিনয় নকৰাৰ সিদ্ধান্ত লয় ৷
প্ৰিয়াংকা চোপ্ৰা এগৰাকী কৰ্মস্পৃহা থকা অভিনেত্ৰী ৷ বিয়াৰ কাৰণে এখন বৃহৎ ছবি এৰি দিবলৈ সাহস লাগিব। ছলমানৰ মতে প্ৰিয়াংকা চোপ্ৰাই যি ভাল দেখিলে সেয়া কৰিলে আৰু কেটৰীনা কাইফে নিজৰ প্ৰতিভা দেখুৱালৈ সুবিধা পালে।
ছলমান খান আৰু কেটৰীনা কাইফক প্ৰায়ে অন স্কীণ আৰু অফ স্কীণ দুয়োটাতে সুন্দৰ কেমেষ্ট্ৰীৰে দেখা যায় ৷ব্যতিক্ৰম নহয় এইবাৰো ৷ কাৰণ ভাৰত ছবিৰ জিন্দা গীতটি মুকলি অনুষ্ঠানত ছলমান আৰু কেটৰীনাৰ মাজত যে এটি সুন্দৰ কেমেষ্ট্ৰী আছে,সেই কথাত সন্মতি জনালে চলমান খানে ৷
অন্যহাতে ছলমান খানে দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰাক ৰাষ্ট্ৰীয় পুৰস্কাৰৰ সম্ভাৱনা থকা ভাৰত ছবিৰ মুখ্য চৰিত্ৰটোত অভিনয় নকৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে। কাৰণ প্ৰিয়াংকা চোপ্ৰাই নাকচ কৰা এই চৰিত্ৰটোত অভিনয় কৰিছে কেটৰীনা কাইফে। ইফালে কেটৰীনাক এই বিশেষ চৰিত্ৰটোৰ সম্পৰ্কত প্ৰশ্ন কৰাৰ লগতে ছলমান খানক ভাইজান নামেৰে সম্বোন্ধিত কৰে ৷
কিন্তু কেটৰীনাই এই প্ৰসংগত মন নিদিলেও চলমান খানে কয় যে মই কেটৰীনাৰ কাৰণে ভাইজান নহয় ৷লগতে এগৰাকী ব্যক্তিক উদ্দেশ্য কৰি কয় যে পাজী,মই কেটৰীনাৰ কাৰণে ভাইজান নহয় । লগতে ছলমানে কেটৰীনাক উদ্দেশ্য কৰি কয় কব’টো নোৱাৰি ভাইজান বুলিও ক’ব পাৰে ৷ অন্যহাতে কেটৰীনা আৰু ছলমান খানৰ মাজত হাস্য মধুৰ কথা বতৰা শেষ হোৱা নাছিল ।
কাৰণ যদিহে কেটৰীনাই ভাইজান বুলি নামাতে,তেতিয়া কি বুলি মাতিব বুলি প্ৰশ্ন কৰাত ছলমান খানে কয় যে মেৰী জান বুলি কয় ৷ উল্লেখ্য যে,বলীউডৰ অভিনেতা ছলমান খানৰ যেতিয়া ছবিয়ে মুক্তি লাভ কৰে তেতিয়া এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয় ।ছলমান খানৰ ছবিসমূহ ঈদত মুক্তি দিয়াটো যেন সকলোৰে কাৰণে এক বৃহৎ প্ৰতীক্ষা ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন