
বলীউডৰ এখন ছবি "লক্ষ্মী বম্ব" দৃশ্য গ্ৰহণৰ প্ৰথম দিনাৰ পৰাই চৰ্চাত আছে ৷ বলীউডৰ অভিনেতা অক্ষয় কুমাৰ ,কাইৰা আডৱানি আৰু মাধৱনৰ দৰে ষ্টাৰৰ সমাহাৰেৰে ছবিখনৰ কাৰণে উৎসুক চলচ্চিত্ৰ প্ৰেমী। ইফালে কাঞ্চনা ছবিৰ নিৰ্দেশক ৰাঘৱ ল’ৰেন্সে ছবিখনৰ দুদিনৰ পিছতে ছবিখন এৰি দিছিল ৷
কিন্তু সম্প্ৰতি ৰাঘৱে এক টুইট যোগে প্ৰকাশ কৰিছে যে যদিও ছবিখনৰ নিৰ্মাতাসকলে তেওঁক প্ৰয়োজনীয় আদৰ সন্মান কৰে তেন্তে ৰাঘৱ লৰেন্সে পুনৰ ছবিখনৰ ডাইৰেক্টশ্যন কৰিব ৷ৰাঘৱে এক টুইট যোগে প্ৰকাশ কৰে যে অক্ষয় কুমাৰ ছাৰ আৰু মোৰ প্ৰশংসক সকলে টুইটাৰ যোগে মোক ছবিখনলৈ পুনৰ উভতি আহিবলৈ নিৰ্দেশ দিছে ৷ মই মোৰ অনুৰাগীসকলৰ মৰমত আপ্লুত, লগতে ছবিখনৰ লগত জৰিত হৈ পৰাৰ কথা মনত পেলাই আৰু পুনৰ ইয়াৰ লগত জৰিত হৈ পৰাৰ কথাও উল্লেখ কৰে ৷
https://twitter.com/offl_Lawrence/status/1132337887930798080
ইয়াৰোপৰি ৰাঘৱে কয় যে যদিহে ছবিখনৰ নিৰ্মাতাসকলে তেওঁৰ আত্ম সন্মান অটুত ৰাখে ৷তেতিয়াহে এই ছবিখনৰ লগত জৰিত হৈ পৰিব ৷গতিকে এতিয়া সকলো দায়িত্ব ছবিখনৰ নিৰ্মাতাসকলৰ ৷ তেওঁলোকে যদি মোক আৰু মোৰ কামত উচিত সন্মান দিয়ে ৷ তেতিয়া মই পুনৰ এই বিষয়ে চিন্তা কৰিম ।
https://twitter.com/offl_Lawrence/status/1129774545441775618
ইফালে ৰাঘৱ লৰেন্স এই ছবিখনলৈ পুনৰ উভতি অহাৰ প্ৰসংগটোত সুখী হৈ পৰিছে অভিনেতাজনৰ অনুৰাগীসকল ৷ সকলোৱে কয় যে ছবিখনৰ জৰিয়তে ৰাঘৱ লৰেন্স উভতি আহক। আৰু দৰ্শকক মনোৰঞ্জন কৰক।
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন