বলীউডৰ প্ৰসিদ্ধ নৃত্য শিল্পী প্ৰভূদেৱা ষ্টীট ডান্সাৰত: উৎসুক অনুৰাগী

বলীউডৰ প্ৰসিদ্ধ নৃত্য শিল্পী প্ৰভূদেৱা ষ্টীট ডান্সাৰত: উৎসুক অনুৰাগী
Published on

বলীউডৰ প্ৰসিদ্ধ নৃত্য শিল্পী আৰু অভিনেতা প্ৰভূদেৱাক দেখিবলৈ পোৱা যাব ষ্ট্ৰীট ডান্সাৰ ৩ ডীত ৷ ৯০ দশকত জনপ্ৰিয় গীত মোক্কালা মোকাবলা গীতটিৰ জৰিয়তে দেশ বাসীৰ জনগণক আপ্লুত কৰিছিল প্ৰভূদেৱাই ৷ সম্প্ৰতি মোক্কালা মোকাবলা গীতটি পুনৰাই দেখিবলৈ পোৱা যাব ষ্ট্ৰীট ডান্সাৰ ৩ ডিত। ষ্ট্ৰীট ডান্সাৰ ৩ ডীত অভিনয় কৰিছে শ্ৰদ্ধা কাপুৰ আৰু বৰুণ ধাৱনে ৷

ইফালে, ষ্ট্ৰীট ডান্সাৰ ছবিখনত নিৰ্দেশনা কৰিছে ৰেমো ডিছুজাই ৷ ১৯৯৪ চনৰ মুক্তি পোৱা তামিল ছবি কাধলান ছবিখন হিন্দী ৰিমেক হ’ল "হামছে হ্যে মুক্কাৱালা"। এই ছবিখনত হিন্দীত মুক্কাৱলা গীতটিও ৰিমেক কৰা হৈছিল ।এক বিশেষ তথ্য অনুসৰি এই গীত প্ৰভূদেৱাই অন গ’য়িং শ্ব’ত দৃশ্য গ্ৰহণ কৰিছিল ৷ ইফালে এ বি চি ডি ছবিৰ তৃতীয় অংশ হৈছে ষ্ট্ৰীট ডান্সাৰ৷ ছবিখনে মুক্তি লাভ কৰিব ৮ নবেম্বৰত ৷

ষ্ট্ৰীট ডান্সাৰ ৩ ডিত অভিনয় কৰিছে অপাৰশক্তি খুৰানা,ন’ৰা ফাতেহী,শক্তি মোহন,সোনম বাজুৱা,ধৰ্মেশ,ৱাৰ্টিকা জৈনৰ লগতে বহু ন পুৰণি শিল্পীয়ে। এই সন্দৰ্ভত ছবিখনৰ নিৰ্মাতা ভূষণ কুমাৰে কয় যে ছবিখনত আমি প্ৰভূদেৱাৰ নৃত্য সংযোজন কৰিছোঁ ৷ গীতটিৰ নতুন সংযোজনত দৰ্শকে আপ্লুত হ’ব ৷যেনেদৰে প্ৰথম সংস্কৰণ গীতটিয়ে আপ্লুত হৈছিল ৷ ছবিখনত শ্ৰদ্ধা কাপুৰ আৰু বৰুণ ধাৱনে অভিনয় কৰিছে ৷ উল্লেখ্য যে ষ্ট্ৰীট ডান্সাৰত প্ৰথমতে কেটৰীনা কাইফে অভিনয় কৰিব বুলি তথ্য প্ৰকাশ হৈছিল ৷

অভিনেতা ৱৰুন ধাৱনে অনুৰাগী সকলৰ লগতে প্ৰশংসকক নিজৰ ইনষ্ট্ৰাগ্ৰাম একাউন্টত এটি গীতৰ দৃশ্যগ্ৰহণৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে৷দৃশ্যগ্ৰহণৰ কাৰণে বৰুণ ধাৱন আৰু শ্ৰদ্ধা কাপুৰৰ বাহিৰেও কেৱল ২০ জন লোককহে লণ্ডনৰ সেই বৃহৎ ০২ ক্ষেত্ৰলৈ যাবলৈ অনুমতি দিছিল ৷ইয়াৰ উপৰিও কলা কুশলীসকলক কৰ্তৃপক্ষই সন্তুলন ৰাখিবৰ কাৰণে বিশেষ ব্যৱস্থা কৰিছে ৷লগতে সেই বৃহৎ অট্টালিকাটোলৈ যাবলৈ কমেও দলটোক প্ৰায় ১০মিনিট সময় লাগিছিল ৷

ৰেমো ডিছুজাৰ দ্বাৰা নিৰ্দেশিত এই ছবিখনত প্ৰভু দেৱা,নোৰা ফাতেহী,শক্তি মোহন,বৰ্তিকা ঝা,সোনম ৱাজবাৰ লগতে অভিনয় কৰিছে পুনীত পাঠকে,ধৰ্মেশ আৰু ৰাঘৱ জুৱেলে ৷ছবিখনক প্ৰথমে 3D ত শ্বুটিং কৰা হ’ব ৷পিছত 4DX লৈ পৰিৱৰ্তন কৰা হ’ব ৷ ছবিখন বিগত মাহত অমৃতসৰটো দৃশ্য গ্ৰহণ কৰা হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com