Begin typing your search above and press return to search.

বলীউডৰ বিগ চেলীবেট্ৰী বিয়াখনক লৈ অসন্তুষ্ট ইটালীয়ান শিখ সমাজ

বলীউডৰ বিগ চেলীবেট্ৰী বিয়াখনক লৈ অসন্তুষ্ট ইটালীয়ান শিখ সমাজ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Nov 2018 10:14 AM GMT

বলীউডৰ বহু চৰ্চিত ৰণৱীৰ সিং আৰু দীপিকা পাডুকনৰ বিবাহখন অনুষ্ঠিত হৈ গ’ল ১৪ আৰু ১৫ নবেম্বৰত ৷ কিন্তু বি টাউনৰ বহু চৰ্চিত বিয়াখনত সম্প্ৰতি এখন গুৰু গ্ৰন্থক লৈ আপত্তি কৰিছে ইটালীৰ শিখ সংগঠনে ৷ প্ৰাপ্ত তথ্য অনুসৰি, ১৫ নবেম্বৰত সিদ্ধী নীতি নিয়মেৰে হোৱা ৰণৱীৰ-দীপিকাৰ বিয়াখনত ইটালীৰ লেক ক’মোৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দুৰত্বত থকা গুৰুদ্বাৰাৰ পৰা এখন গুৰু গ্ৰন্থ অনাক লৈ ক্ষোভ প্ৰকাশ কৰে ইটালীৰ শিখ সংগঠনটোৱে ৷

এই সন্দৰ্ভত ইটালীৰ শিখ সংগঠনটোৰ সভাপতি সুখদেব সিঙে কয় যে,গুৰুদ্বাৰাৰ কিছুমান নিয়ম আছে। নিয়ম অনুসৰি গুৰুগ্ৰন্থখনক গুৰুদ্বাৰা বাহিৰে অন্য কোনো ঠাইলৈ স্থানান্তৰ কৰিব নোৱাৰে। আনকি হোটেল বা অন্য কোনো ঠাইলৈও নিব নোৱাৰে গুৰুগ্ৰন্থখনক ৷এই সমগ্ৰ বিষয়টোৰ সম্পৰ্কত ইটালীৰ শিখ সংগঠনটোৰ সভাপতি সুখদেব সিঙে গুৰুদ্বাৰ আহ্বায়ক কমিটীখনকে দোষী সাব্যস্ত কৰিছে ৷ অন্যহাতে দীপিকা -ৰণৱীৰৰ নীতি নিয়মেৰে বিবাহ সম্পন্ন কৰাইছিল অমৃতসৰস্থিত স্বৰ্ণ মন্দিৰৰ নৰিন্দ্ৰৰ সিঙ নামৰ পুৰোহিত এজনে ৷

উল্লেখ্য যে,বিবাহৰ বিভিন্ন নীতি নিয়ম সম্পন্ন হওঁতে যথেষ্ট আৱেগিক হৈ পৰিছিল দীপিকা পাডুকন ৷সকলো যুৱতীয়ে নিজৰ বিবাহৰ ক্ষেত্ৰত এক বিশেষ সপোন থাকে ৷কিন্তু নিজৰ আপোন ঘৰ খন বা নিজৰ আপোন জনৰ কাষৰ পৰা আন এঘৰলৈ যোৱা,এই পৰিবেশ, পৰিস্থিতিসমূহ বৰ কষ্টকৰ ৷ ব্যতিক্ৰম নহয়,অভিনেত্ৰী দীপিকা পাডুকনো ৷বিবাহ ক্ষণত পিতৃ প্ৰকাশ পাডুকনৰ কান্ধত মূৰ থৈ হুকহুকাই কান্দি উঠিছিল দীপিকাই ৷

ইফালে, বি টাউনৰ বিগ চেলিব্ৰেটী দীপিকা ৰণৱীৰৰ বিয়াৰ কাৰণে উৎসুক পৰিছিল বলীউডৰ লগতে ৰণৱীৰ-দীপিকাৰ অনুৰাগীসকল ৷ ১৪ আৰু ১৫ নৱেম্বৰত হোৱা বিবাহখন অনুষ্ঠিত হৈছিল ইটালীৰ লেক ক’মোত ৷ ১৪ নবেম্বৰত দক্ষিণ ভাৰতীয় নিয়মেৰে আৰু ১৫ নবেম্বৰত সিদ্ধী নিয়মেৰে বিবাহ সম্পন্ন হয় ৷ অন্যহাতে ৰণৱীৰ-দীপিকাৰ বিবাহস্থলী লেক ক’মোত বিভিন্ন ৰঙী ফুলৰ বাগিচা, মূৰ্তি,ঐতিহাসিক ভাস্কৰ্যৰে ভৰপূৰ ৷ যাৰ এদিনৰ মূল্য হৈছে ৮,২০,০০০ ৷

উল্লেখ্য যে,দীপিকা ৰণৱীৰৰ বিয়াখনত খাদ্য সম্ভাৰৰ ব্যৱস্থা কৰিছিল ইটালীৰ কিছুসংখ্যক নিৰ্বাচিত Chef য়ে ৷ লগতে খাদ্যৰ ক্ষেত্ৰত আছিল ইটালীয়ান খাদ্যৰ লগতে ভাৰতীয় খাদ্য সম্ভাৰ ৷ ইফালে ইটালীত বিবাহ অনুষ্ঠান সম্পন্ন হোৱাৰ পিছত দীপিকা ৰণৱীৰে আয়োজন কৰিছে গ্ৰেণ্ড পাৰ্টীৰ ৷ ২৮ নৱেম্বৰত মুম্বাইত আৰু বেংগালুৰুত ২১ নৱেম্বৰত হ’ব গ্ৰেণ্ড পাৰ্টী৷ ২১ নৱেম্বৰত হ’বলগীয়া মুম্বাইৰ পাৰ্টীত উপস্থিত থাকিব বলীউডৰ বহু তাৰকা৷বেংগালুৰুত হ’ব লগীয়া গ্ৰেণ্ড পাৰ্টীত উপস্থিত থাকিব দীপিকা পাডুকনৰ ঘনিষ্ঠ লোকসকল৷ ইফালে ৰণৱীৰ সিঙে বিবাহৰ উপলক্ষে আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত থাকিব চিৰ সেউজ 90 ৰ গান ৷ ৰণৱীৰ আৰু দীপিকাই নাচিব 90 ৰ গানৰ তালে তালে ৷

অন্য খবৰ

Next Story
চাকৰি