Begin typing your search above and press return to search.

বলীউডৰ ভাইজান ছলমান খানৰ ভয় লাগেনে ? এই প্ৰসংগত কি মন্তব্য মিষ্টাৰ খানৰ

বলীউডৰ ভাইজান ছলমান খানৰ ভয় লাগেনে ? এই প্ৰসংগত কি মন্তব্য মিষ্টাৰ খানৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 May 2019 12:59 PM GMT

বলীউডৰ ছবি ভাৰত সম্প্ৰতি চৰ্চাৰ শীৰ্ষত আছে। লগতে ছবিখনৰ প্ৰমোশ্যনত ব্যস্ত হৈ আছে ছলমান খান আৰু কেটৰীনা কাইফ ৷ শেহতীয়াকৈ চ’নী টিভিৰ দ্য কপিল শৰ্মা শ্ব’ অনুষ্ঠানটিত ভাৰত ছবিৰ প্ৰমোশ্যনৰ কাৰণে উপস্থিত হয় কেটৰীনা কাইফ আৰু ছলমান খান ৷ অনুষ্ঠানটিত ছলমান খান আৰু কেটৰীনা কাইফৰ সৈতে বিভিন্ন ধৰণৰ মত বিনিময় কৰে কপিল শৰ্মাই ।

অনুষ্ঠানটিত ছলমান খানে বন্ধ লিফ্টৰ ফ’বিয়া থকাৰ কথা উল্লেখ কৰে ৷ এই সময়তে কেটৰীনা কাইফে পইতাঁচোৰা আৰু মকৰালৈ ভয় থকাৰ কথা উল্লেখ কৰে ৷ ইফালে অনুষ্ঠানটোত কপিল শৰ্মাই বিভিন্ন প্ৰশ্ন কৰি এক হাস্য ধৰ্মী পৰিবেশৰ সৃষ্টি কৰে ৷

কেটৰীনা আৰু ছলমানৰ লগত বিভিন্ন খেল খেলে কপিল শৰ্মাই ৷ আৰু কেটৰীনাৰ জনপ্ৰিয় চিকনী চামেলী গীতটিত নৃত্য কৰে অভিনেত্ৰী গৰাকীয়ে ৷ ইফালে ছলমান খান আৰু কেটৰীনা কাইফৰ সম্পৰ্কই সততে চৰ্চা লাভ কৰি থাকে ৷

বলীউডৰ মুক্তিৰ অপেক্ষাত থকা ছবি ভাৰত”ৰ দৃশ্যগ্ৰহণ স্থলীৰ পৰা শেহতীয়া চলমান খানৰ এখন ফ’টো শ্বেয়াৰ কৰিছে অতুল অগ্নিহোত্ৰীয়ে। ফ’টো খনত ছলমান খানক বগা কুৰ্তা পায়জামা পৰিধান কৰি থকা দেখিবলৈ পোৱা গৈছে ৷সম্প্ৰতি ভাৰত ছবিৰ দৃশ্য গ্ৰহণ স্থলীৰ পৰা বিভিন্ন ফ’টো আৰু ভিডিঅ’ই অনুৰাগীসকলৰ মাজত উৎসুকতা প্ৰকাশ কৰিছে । ভাৰত ছবিত ছলমান খানৰ বিভিন্ন প’ষ্টাৰৰ পিছত শেহতীয়াকৈ অনুৰাগী সকলৰ মাজলৈ আহিছে ভাৰত ছবিৰ ট্ৰেইলৰ ৷ ছবিখনত অভিনেত্ৰী কেটৰীনা কাইফৰ লুকে বিশেষকৈ চৰ্চা লাভ কৰিছে ।

ছবিখনত অভিনেত্ৰী কেটৰীনা কাইফো বয়োজেষ্ঠ্য মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে ৷ মনকৰিব লগীয়া যে সকলো মেক আপ আৰ্টিছৰ লগতে ষ্টাইলিষ্টে কেটৰীনাক সজাঁওতে প্ৰায় দুঘন্টা সময় লাগিছিল ৷ এক সাক্ষাৎকাৰত কেটৰীনাৰ ষ্টাইলিষ্ট বীৰা কাপুৰে কয় যে কেটৰীনা কাইফৰ এই ষ্টাইল অভিনেত্ৰী নুতনৰ পৰা পাইছিল ৷ ৬০ আৰু ৭০ দৰ্শকৰ বলীউডৰ অভিনেত্ৰী নুতন আছিল যথেষ্ট জনপ্ৰিয় ৷ বীৰা কাপুৰে কয় যে আমি যথেষ্ট পুৰণি হিন্দী ছবি প্ৰত্যক্ষ কৰিছো ৷

অন্যহাতে ছলমান খানে দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰাক ৰাষ্ট্ৰীয় পুৰস্কাৰৰ সম্ভাৱনা থকা ভাৰত ছবিৰ মুখ্য চৰিত্ৰটোত অভিনয় নকৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে। কাৰণ প্ৰিয়াংকা চোপ্ৰাই নাকচ কৰা এই চৰিত্ৰটোত অভিনয় কৰিছে কেটৰীনা কাইফে। ইফালে কেটৰীনাক এই বিশেষ চৰিত্ৰটোৰ সম্পৰ্কত প্ৰশ্ন কৰাৰ লগতে ছলমান খানক ভাইজান নামেৰে সম্বোন্ধিত কৰে ৷

কেটৰীনাই এই প্ৰসংগত মন নিদিলেও চলমান খানে কয় যে মই কেটৰীনাৰ কাৰণে ভাইজান নহয় ৷লগতে এগৰাকী ব্যক্তিক উদ্দেশ্য কৰি কয় যে পাজী,মই কেটৰীনাৰ কাৰণে ভাইজান নহয় । লগতে ছলমানে কেটৰীনাক উদ্দেশ্য কৰি কয় কব’টো নোৱাৰি ভাইজান বুলিও ক’ব পাৰে ৷ অন্যহাতে কেটৰীনা আৰু ছলমান খানৰ মাজত হাস্য মধুৰ কথা বতৰা শেষ হোৱা নাছিল ।

কাৰণ যদিহে কেটৰীনাই ভাইজান বুলি নামাতে,তেতিয়া কি বুলি মাতিব বুলি প্ৰশ্ন কৰাত ছলমান খানে কয় যে মেৰী জান বুলি কয় ৷ উল্লেখ্য যে,বলীউডৰ অভিনেতা ছলমান খানৰ যেতিয়া ছবিয়ে মুক্তি লাভ কৰে তেতিয়া এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয় ।ছলমান খানৰ ছবিসমূহ ঈদত মুক্তি দিয়াটো যেন সকলোৰে কাৰণে এক বৃহৎ প্ৰতীক্ষা ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story