Begin typing your search above and press return to search.

বিগত পৰীক্ষাৰ ফলাফলত উত্তৰ পূবৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অগ্ৰগতি

বিগত পৰীক্ষাৰ ফলাফলত উত্তৰ পূবৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অগ্ৰগতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 May 2019 7:06 AM GMT

উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত কেন্দ্ৰীয় বিদ্যালয়ে ২০১৯ বৰ্ষত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ডৰ অধীনত শৈক্ষিক প্ৰদৰ্শনৰ ক্ষেত্ৰত অনান্যা বিদ্যালয়সমূহৰ ফলাফলতকৈ আগবাঢ়ি গৈছে ৷ সদ্য ঘোষিত দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত কেন্দ্ৰীয় বিদ্যালয়ৰ উত্তৰ পূবৰ অন্যান্য বিদ্যালয়ৰ তুলনাতকৈ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক ৷ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত কেন্দ্ৰীয় বিদ্যালয়ৰ উত্তীৰ্ণ হাৰ আছিল ৯৮.৪৭ শতাংশ ৷ আৰু জৱাহৰ নবোদয় বিদ্যালয়ত ইয়াৰ হাৰ আছিল ৯৫.১৩ শতাংশ ৷

অন্যহাতে ব্যক্তিগত বিদ্যালয়ৰ উত্তীৰ্ণ হাৰ ৯২.৭৩ শতাংশ ৷ইয়াৰ বিপৰীতে চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণ হোৱাৰ হাৰ হয় ৫২.৬৭ শতাংশ ৷ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলত কেন্দ্ৰীয় বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ আছিল ৯৫.৮৫,জৱাহৰ বিদ্যালয়ত উত্তীৰ্ণ হাৰ আছিল ৯০.৪০ শতাংশ, ইফালে ব্যক্তিগত বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ৭৯ .২৯ শতাংশ আৰু চৰকাৰী বিদ্যালয়ত উত্তীৰ্ণ হয় ৫৪.৯২ শতাংশ। এক বিশেষ সূত্ৰৰ মন্তব্য অনুসৰি, বিগত কেইবছৰমানৰ পৰা কেন্দ্ৰীয় বিদ্যালয়ে আশা কৰা ধৰণে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই ৷ অৱশ্যে ইয়াৰ কাৰণ বিভিন্ন ধৰণৰ হ’ব পাৰে ৷কিন্তু কেন্দ্ৰীয় বিদ্যালয়ে চিবিএছইৰ পৰীক্ষাৰ ফলাফলত আকৌ এবাৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয় ৷

আৰু কেন্দ্ৰীয় বিদ্যালয়ৰ ফলাফলৰ বিকাশ এনে সময়ত হৈছে যি সময়ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক অসমীয়া ভাষা শিকোৱাৰ ক্ষেত্ৰত সমালোচনাৰ সন্মুখীন হৈছে ৷ খানপাৰাস্থিত অভিভাৱক সক্ৰিয় মঞ্চ,কেন্দ্ৰীয় বিদ্যালয়ে নতুন দিল্লীৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ আয়ুক্তক এখন স্মাৰক পত্ৰ দিয়ে ৷ আৰু এই পত্ৰখনৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অনিবাৰ্য বিষয় হিছাপে অসমীয়া ভাষাক আৰম্ভ কৰাৰ দাবী কৰে ৷ অন্যহাতে, অৰুণাচল আৰু ছিকিমৰ চৰকাৰী বিদ্যালয়ৰ চিবিএচইৰ অন্তৰ্গত পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম নহ’ল । চিবিএচই কাৰ্যালয়ৰ পৰা নিয়মিত নিৰ্দেশ দিয়াৰ পিছতো তেওঁলোকৰ বিদ্যালয়সমূহৰ ফলাফল উন্নত হোৱা নাই।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি