বিজেপিৰ দখলত ডিব্ৰুগড়ৰ অধিকাংশ জিলা পৰিষদ

ডিব্ৰুগড়ত দমণীয় প্ৰদৰ্শন আগবঢ়াই বিজেপিয়ে জিলা পৰিষদৰ অধিকাংশ আসনতে জয় লাভ কৰিছে। ডিব্ৰগড় জিলা পৰিষদৰ ২৩ খন আসনৰ ভিতৰত বিজেপিয়ে ২০ খন আসনত জয় লাভ কৰে আৰু কংগ্ৰেছে ৩ খন আসনত জয় লাভ কৰে।
জিলা পৰিষদত জয়লাভ কৰা বিজেপিৰ প্ৰাৰ্থী সকল হ'ল-
নাহৰণি জিলা পৰিষদত মামু হাজৰিকা, লাহোৱাল জিলা পৰিষদত ভূপেন গগৈ, বৰবৰুৱা জিলা পৰিষদৰত পুষ্পাঞ্জলী সণোৱাল, মোহনবাৰী জিলা পৰিষদত ৰণ্টু দত্ত গগৈ, বকুল জিলা পৰিষদত হেমপ্ৰভা টাছা ফুকন, দিনজয় জিলা পৰিষদত অমল শইকীয়া, ডিকম জিলা পৰিষদত ব্ৰজেন গগৈ, টেঙাখাত জিলাপৰিষদত লিপিকা ভূঞা বৰুৱা, হাটীবন্ধা জিলা পৰিষদত সুশিলা ইণ্ড, ডুলীয়াজান জিলা পৰিষদত কমলা বাউৰী, ভাদৈ জিলা
পৰিষদত ডেইজী ৰাণী ফুকন, নাহৰকটীয়া জিলা পৰিষদত উৰ্মিলা বৰুৱা, জয়পুৰ জিলা পৰিষদত ললিত দাস, টিংখাঙ জিলা পৰিষদত জগত বকলিয়াল, ৰাজগড় জিলা পৰিষদত ৰাজেন গগৈ, পিঠাগুৰি জিলা পৰিষদত গীতা হৰপাল, খোৱাঙ জিলা পৰিষদৰ চন্দন ডেউৰী, দিখাৰী জিলা পৰিষদত শিখামনি তামুলী গগৈ, চেপন জিলা পৰিষদত জোস্না কৈৰী আৰু লাৰুৱা জিলা পৰিষদত প্ৰসাদ মিলি।
আনহাতে ডিব্ৰুগড়ৰ তিনিটা জিলা পৰিষদত জয়লাভ কৰা কংগ্ৰেছ প্ৰাৰ্থী কেইগৰাকী হ'ল- বৰপথাৰ জিলা পৰিষদত মাইনু গগৈ, নামৰূপ জিলাপৰিষদত ঋখেশ্বৰ ৱাংচু আৰু মিৰবিল জিলাপৰিষদত মুমমী গগৈ বৰুৱা।
অধিক খবৰৰ বাবে পঢ়ক ব্ৰকিং নিউজ