
ৰাজ্যত ৯ ডিচেম্বৰত হৈ গ’ল পঞ্চায়তৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷বিভিন্ন ঠাইত হোৱা নিৰ্বাচনে হিংসা,প্ৰাৰ্থী সমৰ্থকৰ মাজত সংঘাত, বেলট পেপাৰ তথা অন্যান্য বিভিন্ন বিসংগতিৰ মাজত হোৱা পঞ্চায়ত নিৰ্বাচনত প্ৰায় ৭২ শতাংশ ভোটদান প্ৰক্ৰিয়া সম্পন্ন হয়। এই তথ্য ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৷
ইফালে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই কয় যে,দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন ৭২ শতাংশ ভোট দান সম্পন্ন হয়। যদিও ৮০ শতাংশ ভোটদান সম্পন্ন হ’ব বুলি আশা কৰা হৈছে । ইফালে কিছুসংখ্যক ঠাইত ভোট দানৰ নিশালৈকে অনুষ্ঠিত হয়৷ ধুবুৰীত প্ৰায় ৮৬ শতাংশ ভোটদান সম্পন্ন হয়। দক্ষিন শালমৰা মানকাছাৰত ৮০ শতাংশ ভোটদান হোৱাৰ বিপৰীতে উত্তৰ শালমৰাত আটাইতকৈ কম সংখ্যক ৬৫ শতাংশ ভোটদান অনুষ্ঠিত হয়৷
উল্লেখ্য যে,৫ ডিচেম্বৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৪৩,৫১৫ গৰাকী ৷ দ্বিতীয় পৰ্যায় অৰ্থাৎ ৯ ডিচেম্বৰত হোৱা পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী সংখ্যা আছিল ৩৫,০৫৬ গৰাকী ৷ পঞ্চায়ত নিৰ্বাচনৰ ৭৮,৫৭১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বেলট বাকচত বন্দী হ’ল৷ আনহাতে,পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব ১২ ডিচেম্বৰত ৷
অধিক খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ