বিশ্বকাপ হকীত ভাৰত আৰু বেলজিয়ামৰ মাজৰ খেল ড্ৰ

বিশ্বকাপ হকীত ভাৰত আৰু বেলজিয়ামৰ মাজৰ খেল ড্ৰ
Published on

ভাৰতত চলি থকা বিশ্বকাপ হকী প্ৰতিযোগিতাৰ ভাৰত আৰু বেলজিয়ামৰ মাজৰ এখন খেল ড্ৰ ৰূপে সামৰণি পৰে। দেওবাৰে অনুষ্ঠিত হোৱা পুল চিৰ এখন খেলত দুৰ্দান্ত খেলেৰে শক্তিশালী বেলজিয়ামৰ বিৰুদ্ধে ২-২ গ'লত ড্ৰ খেলে আয়োজক দেশ ভাৰতে। প্ৰথমাৰ্ধত বেলজিয়ামৰ হৈ আলেকজেণ্ডাৰ হেনৰিক্সে পেনাল্টি কৰ্ণাৰৰ জৰিয়তে প্ৰথমটো গ'ল স্কোৰ কৰে। ভাৰতৰ হৈ ৩৯ মিনিটত হৰমণপ্ৰীত সিঙে দুৰ্দান্ত গ'লেৰে সমতা স্থাপন কৰে।৪৭ মিনিটত আন এটা গ'লেৰে হৰমণ প্ৰীত সিঙে ভাৰতক অগ্ৰগতি প্ৰদান কৰে। কিন্তু ২০১৬ চনৰ ৰিঅ অলিম্পিকত বেলজিয়ামৰ হৈ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা ফ্লোৰেণ্ট ভান উবেলে ৫৬ মিনিটত গল স্কোৰ কৰাৰ ফলত খেল খন ২-২ গলত ড্ৰ ৰূপে সামৰণি পৰে।দুখন খেলৰ অন্তত ভাৰতে পুল চিত এখনত জয় আৰু এখনত ড্ৰ খেলি প্ৰথম স্থানত আছে।পুল চিত ভাৰত,বেলজিয়াম,কানাডা আৰু দক্ষিণ আফ্ৰিকাই প্ৰতিদ্বন্দিতা কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক: খেলৰ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com