Begin typing your search above and press return to search.

বেংক বিষয়া জুনু শৰ্মাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত মুল অভিযুক্ত সহ দুজনক আটক:আৰক্ষীৰ তদন্ত অব্যাহত

বেংক বিষয়া জুনু শৰ্মাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত মুল অভিযুক্ত সহ দুজনক আটক:আৰক্ষীৰ তদন্ত অব্যাহত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Nov 2018 1:12 PM GMT

সমগ্ৰ ৰাজ্যবাসীক জোকাৰি যোৱা বেংক বিষয়া জুনু শৰ্মাৰ হত্যা কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে মুল অভিযুক্তসহ দুজনক ৷ শুক্ৰবাৰে আটক কৰা অভিযুক্ত কেইজন "চালফা"বুলি চিনাক্ত কৰা হৈছে ৷ অভিযুক্ত কেইজনৰ নাম টিহুৰ অৰূপ দাস,হাজোৰ অজন্তা কলিতা,কুলুহাটীৰ পুজা দাস ৷

অন্যহাতে আৰক্ষীয়ে মহিলাসহ তিনি অভিযুক্তক আটক কৰাৰ উপৰিও এখন বাইক,এটা নাইন এম এম পিষ্টলৰ লগতে সজীৱ পাঁচ জাই গুলী,চাৰিটা মোবাইল, উদ্ধাৰ কৰে ৷অন্যহাতে হত্যাকাণ্ডৰ বাবে ৫ লাখ টকা দিছিল চুপাৰি কিলাৰ পূজা দাস,অজন্তা কলিতা আৰু অৰূপ দাসক ৷ ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে,বেংক বিষয়া সুনিল মিশ্ৰ,পুতুল আলি,ছাদ্দাম হুছেইন,মন্টু আলিৰ লগতে বেংক বিষয়া জুনু শৰ্মাৰ ড্ৰাইভাৰ প্ৰণৱ কলিতাক ৷

উল্লেখযোগ্য যে,৯ অক্টোবৰত সন্ধিয়া প্ৰায় ৭ বজাত নিজৰ কৰ্তব্য সমাপন কৰি ঘৰ অভিমুখে আহি থাকোঁতেই আজ্ঞাঠুৰি সমীপৰ গাঁওবুঢ়া চ’কত এখন বাইকত অহা দুজনীয়া দুৰ্বৃত্তই বেংক বিষয়া জুনশ শৰ্মাক গুলিয়াই। ইয়াৰ পিছতে ঘটনাস্থলীতে বেংক বিষয়া জুনু শৰ্মা নিহত হয় ৷

অন্য খবৰৰ বাবে পঢ়ক: ব্ৰেকিং নিউজ

Next Story
চাকৰি