Begin typing your search above and press return to search.

বেডমিণ্টন খেলুৱৈ চাইনা নেহৱালৰ বিয়া

বেডমিণ্টন খেলুৱৈ চাইনা নেহৱালৰ বিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Oct 2018 12:08 PM GMT

ভাৰতীয় বেডমিণ্টন খেলুৱৈ চাইনা নেহৱালে বেডমিণ্টন খেলুৱৈ পাৰুপাল্লি কাশ্যপৰ সৈতে চলিত বৰ্ষৰ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ'ব । ১৬ ডিচেম্বৰত বিবাহ কাৰ্যসূচী সম্পন্ন হব চাইনাৰ আৰু ২১ডিচেম্বৰত অভ্যৰ্থনা অনুষ্ঠানৰ কাৰ্যসূচী ৰখা হৈছে ।

১০বছৰৰ পূৰ্বৰ পৰা চিনাকি বেডমিণ্টন খেলুৱৈ পাৰুপাল্লি কাশ্যপৰ সৈতে । এক সাক্ষাৎকাৰত চাইনাই মত প্ৰকাশ কৰা অনুসৰি,দুয়োৱে ইজনে সিজনক অতি সুন্দৰকৈ জানে,বুজি পায় ।ইয়াৰ লগতে ডিচেম্বৰৰ ২০ তাৰিখে চাইনা ব্যস্ত থাকিব প্ৰিমিয়াৰ বেডমিণ্টন লীগত আৰু পিছলে টকিঅ'ত কোৱালিফাইৰ আৰম্ভ হ'ব ।

ইয়াৰোপৰি খেলুৱৈ গৰাকীৰ বায়'পিক নিৰ্মান কৰা হ'ব অৰ্থাৎ বলীউদৰ অন্যতম অভিনেত্ৰী তথা অলপতে মুক্তি পোৱা “শ্ৰী” ৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক দেখা পোৱা যাব বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালৰ ৰূপত।

Next Story