এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বৰবাৰীৰ হেঙেৰাবাৰী প্ৰাথমিক বিদ্যালয়ত ৷ নিষিদ্ধ ঘোষিত আলফাৰ এখন পতাকা উৰিল বৰবাৰীৰ হেঙেৰাবাৰী প্ৰাথমিক বিদ্যালয়ত ৷
লগতে, আলফাৰ পতাকা উৰিল বৰবাৰী পাহাৰৰ টিলাত। আলফাৰ পতাকাখন দেখাৰ লগে লগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় স্থানীয় বাসিন্দা মাজত ৷
ইয়াৰ পিছত দিছপুৰ আৰক্ষীয়ে পু্ৱাই বৰবাৰী হেঙেৰাবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা আলফাৰ পতাকাখন খুলি লৈ যায় ৷ উল্লেখ্য যে,শেহতীয়াকৈ আলফাৰ বিভিন্ন কাৰ্যকলাপৰ মাজতে সংঘটিত এই ঘটনাই চিন্তিত কৰি তুলিছে সাধাৰণ জনতাক ৷
অন্য খবৰৰ বাবে পঢ়ক:ব্ৰেকিং নিউজ