Begin typing your search above and press return to search.
বৰ্তমানলৈ বৰাকৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল

সমগ্ৰ ৰাজ্যৰ লগতে বৰাক উপত্যকাটো দেখা গৈছে নিৰ্বাচনী ঢৌ৷ বৰাকৰ হাইলাকান্দিৰ জিলাৰ মুঠ ১১ খন জিলা পৰিষদৰ ভিতৰত এআইইউডিএফৰ ৬ জন সদস্য নিৰ্বাচিত হৈছে জিলা পৰিষদলৈ৷ বিজেপিৰ ৪ জন সদস্য নিৰ্বাচিত হোৱাৰ বিপৰীতে অগপৰ পৰা নিৰ্বাচিত হৈছে ১ জন। এআইইউডিএফে গঠন কৰিব জিলা পৰিষদ ৷ অন্যহাতে কৰিমগঞ্জত ২০ খন জিলা পৰিষদৰ ভিতৰত কংগ্ৰেছৰ ৯ জন সদস্য নিৰ্বাচিত হৈছে জিলা পৰিষদলৈ ৷ বিজেপিৰ ৬ জন সদস্য আৰু এআইইউডিএফৰ ২ জন সদস্য নিৰ্বাচিত হৈছে জিলা পৰিষদলৈ ৷
অন্যহাতে ৩ খন জিলা পৰিষদৰ ফলাফল এতিয়াও ঘোষণা কৰা নাই ৷ কাছাৰত মুঠ ২৭ খন জিলা পৰিষদৰ ভিতৰত ১৪ টাৰ জিলা পৰিষদৰ ভোট গণনা চলি আছে। ইয়াৰে ৮ টা জিলা পৰিষদত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৷ কংগ্ৰেছৰ প্ৰাৰ্থী আগবাঢ়ি আছে ৫ টাত ৷ ইয়াৰ বিপৰীতে ১টাত আগবাঢ়ি আছে নিৰ্দলীয় প্ৰাৰ্থী।
অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ
Next Story