Begin typing your search above and press return to search.

মিজো নেশ্যেনেল ফ্ৰণ্টৰ দখলত মিজোৰাম, অন্ত পৰিল কংগ্ৰেছৰ দহ বছৰীয়া শাসনৰ

মিজো নেশ্যেনেল ফ্ৰণ্টৰ দখলত মিজোৰাম, অন্ত পৰিল কংগ্ৰেছৰ দহ বছৰীয়া শাসনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Dec 2018 12:25 PM GMT

কংগ্ৰেছ মুক্ত হ'ল উত্তৰ-পূৰ্বাঞ্চল। সদ্য সমাপ্ত মিজোৰাম বিধান সভা নিৰ্বাচনৰ আজি ঘোষণা কৰা ফলাফলত কংগ্ৰেছক উৎখাত কৰি মিজো নেশ্যেনেল ফ্ৰণ্টে দখল কৰিলে মিজোৰাম বিধান সভা। মিজোৰামত জাতীয় দলটোৰ আগত কোনো ধৰণৰ প্ৰত্যাহ্বান আগবঢ়াব নোৱাৰিলে কংগ্ৰেছ, বিজেপিয়ে। আজি ঘোষণা কৰা মিজোৰাম বিধান সভা নিৰ্বাচন-২০১৮ ৰ ফলাফল অনুসৰি মিজোৰামৰ ৪০ খন আসনৰ ভিতৰত মিজো নেশ্যেনেল ফ্ৰণ্টে ২৬ খন আসন দখল কৰিবলৈ সক্ষম হয়। শাসনত থকা কংগ্ৰেছে মাত্ৰ ৫ খন আসনতে সন্তুষ্ট থাকিব লগীয়া হয়। নৰেন্দ্ৰ মোডীয়ে প্ৰচাৰ চলোৱা মিজোৰামত বিজেপিয়ে প্ৰথম বাৰৰ বাবে ১ খন আসন দখল কৰিবলৈ সক্ষম হয়। অন্যান্য নিৰ্দলীয় প্ৰাৰ্থীয়ে ৮ খন আসনত জয় লাভ কৰে।

উল্লেখ্য যে কংগ্ৰেছৰ মিজোৰামৰ মুখ্যমন্ত্ৰী লালথান হাওলাই প্ৰতিদ্বন্দিতা কৰা দুয়োখন আসনতে পৰাস্ত হয়। লালথান হাওলাই দক্ষিণ চাম্ফোলি আৰু ছাৰ্শিপ বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। চাম্ফোলি সমষ্টিত লালথান হাওলাক এম এন এফৰ প্ৰাৰ্থী লালনুণ্টলুংগাই পৰাস্ত কৰে। লালনুণ্টলুংগাই ৫২১২ টা ভোট পোৱাৰ বিপৰীতে লালথানহাওলাই লাভ কৰে ৪১৬৩ টা ভোট আনহাতে ছাৰ্শিপ বিধানসভা সমষ্টিত লালথানহাওলাই নিৰ্দলীয় প্ৰাৰ্থী লালডুমাৰ হাতত পৰাস্ত হয়। জয়ী হোৱা প্ৰাৰ্থী জনে ৫৪৮১ টা ভোট পোৱাৰ বিপৰীতে লালথান হাওলাই পায় ৫০৭১ টা ভোট।

মিজো নেচনেল ফ্ৰণ্টৰ সভাপতি জোৰামথাংগাই ১নং পূৱ আইজল সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিজয়ী হয়। ৮৩৫৮ টা ভোট পোৱা জোৰামথাংগাই নিৰ্দলীয় প্ৰাৰ্থী চাপডাংগাক পৰাস্ত কৰে। পৰাজিত চাপডাংগাই লাভ কৰে ৫৮৫৪ টা ভোট। এইবাৰৰ বিধানসভা নিৰ্বাচনত মুঠ ভোটৰ মিজো নেচেনেল ফ্ৰণ্টে ৩৭.৬%, কংগ্ৰেছে ৩০.২%, অন্যান্যই ২২.৯% আৰু বিজেপিয়ে ৮% ভোট লাভ কৰে। ৰাষ্ট্ৰীয় দলৰ আগ্ৰাসনৰ সময়ত মিজোৰামত জাতীয় দলৰ পুনৰুত্থানে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপততো প্ৰভাব পেলাব পাৰে। আজি মিজোৰামৰ লগতে ৰাজস্থান, মধ্যপ্ৰদেশ, তেলেংগানা আৰু ছত্তীশগড়ৰো বিধান সভা নিৰ্বাচনৰো ফলাফল ঘোষণা কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

Next Story
চাকৰি