ব্ৰেকিং নিউজ
লোকসভা নিৰ্বাচনৰ ফলাফল: ২৩ মেত ড্ৰাই ডে ঘোষণা জিলা প্ৰশাসনৰ
২৩ মে অৰ্থাৎ কাইলৈ ঘোষণা কৰা হব লোকসভা নিৰ্বাচনৰ ফলাফল। ফলাফল ঘোষণা কৰাৰ দিনা কামৰূপ মহানগৰ জিলা প্ৰশাসনে জিলা খনত ড্ৰাই ডে ঘোষণা কৰিছে। সন্ধিয়া ৫ বজালৈকে সুৰা বিপনী সমুহ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে হৈছে ।ভোট গণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সকলো ধৰণৰ সুৰা বিপনী বন্ধ থাকিব।
সুৰাৰ বিপনী, গুদাম, ক্লাব আৰু হোটেল সমূহতো সুৰা বিক্ৰী বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে কামৰূপ জিলা প্ৰশাসনে । কাইলৈ ঘোষণা কৰা হব লোকসভা নিৰ্বাচনৰ ফলাফল।
ফলাফল ঘোষণা কৰাক লৈ যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিষ্ঠিতি সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনে ড্ৰাই ডে ঘোষণা কৰিছে। ভোট গননা কেন্দ্ৰ সমুহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।
অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ