শিৱসাগৰত চাঞ্চল্যকৰ গ্ৰেণেড বিস্ফোৰণ;নিহত ২ জন

শিৱসাগৰত চাঞ্চল্যকৰ গ্ৰেণেড বিস্ফোৰণ;নিহত ২ জন

সমাগত পঞ্চায়ত নিৰ্বাচন ৷ বৃহস্পতিবাৰে শিৱসাগৰৰ ডিমৌত হোৱা গ্ৰেণেড বিস্ফোৰণত দুজন লোকৰ মৃত্যু হোৱা ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে শিৱসাগৰৰ ডিমৌত সংঘটিত হোৱা বিস্ফোৰণৰ আঁৰত নিসিদ্ধ ঘোষিত সংগঠন আলফা জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ আৰক্ষীৰ ভাষ্য অনুসৰি, বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত ডিমৌ চাৰি আলিৰ কমল আগৰৱালা নামৰ লোকজনৰ চাইকেলৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত বিস্ফোৰনটো সংঘটিত হয় ৷

বিস্ফোৰণত এজন গ্ৰাহকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে,দোকানখনৰ স্বত্তাধিকাৰী কমল আগৰৱালা আহত অৱস্থাত ডিব্ৰুগড়ৰ এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । যদিও কমল আগৰৱালাৰ মৃত্যু ঘটে চিকিৎসালয়ত৷ অন্যহাতে বিষ্ফোৰণটোত এগৰাকী মহিলা আহত হোৱাৰ তথ্য পোৱা গৈছে। এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি,কমল আগৱৱালা নামৰ লোক জনক পূৰ্বেও আলফাই ধন দাবী কৰাৰ দৰে ঘটনা সংঘটিত হৈ আহিছে ।

উল্লেখ্য যে,বিস্ফোৰণটো সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত জিলাখনৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে উপস্থিত হয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে,এক অনুষ্ঠানত ভাগ ল’বলৈ গৈ নতুন দিল্লীত উপস্থিত আছিল যদিও তাৰ পৰাই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত এক উচিত তদন্ত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে৷ লগতে মুখ্যমন্ত্ৰী সোনোৱালে বিস্ফোৰণত নিহত হোৱা লোক কেইজনৰ পৰিয়ালটোলৈও সমবেদনা আগবঢ়াই ৷

অন্য খবৰৰ বাবে পঢ়ক: ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com